অবিৰত যাত্ৰী - লক্ষীন্দ্ৰ গগৈ

জীৱন পথৰ অবিৰত যাত্ৰী আমি,
আগবাঢ়ি যাম হাজাৰ ভেটা ভাঙি।
হে জ্ঞানৰ মহান পণ্ডিত গণ,
আমাক উজ্জ্বলোৱা ,অজ্ঞানৰ আন্ধাৰ ভেদি ।
তাৰে কামনা আৰু আশা কৰি,
প্ৰণিপাত জনাইছোঁ চৰণত ধৰি ।

তুমি দিয়া জ্ঞানৰ পোহৰত 
জিনিব পাৰো যাতে,
অগ্নি যুগৰ বিশাল সমৰত ।

আমি পঢ়িম,আমি শিকিম,
আমি শিকি, আগবাঢ়িম ।
অজ্ঞানৰ আন্ধাৰ ভেদিম,
জ্ঞানেৰে পোহৰ কৰিম,
আৰু সকলোৱে হাঁহি মুখে
খোজ কাঢ়ি আগবাঢ়িম ।

দুখৰ সংসাৰ এৰি 
সকলোৱে বিদায় মাগিম,
সুখৰ নাওঁত উঠি ,
জীৱন নদী পাৰ কৰিম ।
আৰু অবিৰত যাত্ৰীৰ জীৱন পথৰ
অন্তিম ঠাই ডোখৰত 
জ্বলন্ত অগ্নিত শৰীৰ জাহ দি,
গুচি যাম সংসাৰৰ মায়া-মোহ এৰি ।।
◼️লক্ষীন্দ্ৰ(জুমন)

Post a Comment

Previous Post Next Post