"ব্ৰজেন দালৈ মনত পৰিছেনে? "
"ধেৎ পাগলি, ব্ৰজেন দায়ে পাহৰিলে চাগে বুজিছ"!
দিবাকৰ আৰু ব্ৰজেনে সিহঁতৰ গীত শুনি তন্ময় হৈ
আছিল। সিহঁতৰ মুখত ব্ৰজেনৰ নাম শুনি দিবাকৰে ব্ৰজেনৰ মুখলৈ চালে। ব্ৰজেনে ইঙ্গিতেৰে
মনে মনে থাকিবলৈ কলে। দুয়ো কান পাতি ৰল।
" ঐ, মনি তোক যদি ব্ৰজেন দালৈ নিদিয়ে কি কৰিবি? "
"পলাই যাম.....! "
"যদি সি বিয়া নকৰাই? "
"ভৰলীখন আছেই দেখোন! মোৰ প্ৰেমৰ সাক্ষী, তাতেই বিলীন হৈ যাম। "
"তই সচাঁ কৈ তাক ইমান ভাল পাৱ! "
"ও.... পাওঁ তো ! "
"আইঐ দেহি, মোৰ উষা সখীয়ে, অনিৰুদ্ধৰ বেজাৰত ইয়াতেই প্রাণ এৰিব, এতিয়া!মই আকৌ যাদু নাজানো নহয়, ভোমোৰা হৈ যাবলৈ, উষাৰ বাবে অনিৰুদ্ধক হৰণ কৰিবলৈ। "
"তই একো কৰিব নালাগে। তেওঁ যদি সচাঁকৈ মোক ভাল পায় এনেও বিচাৰি আহিব। "
"বলা এতিয়া ঘৰলৈ গৈ ব্ৰজেন দাৰ কথা চিন্তা কৰি
থাকিবা , ইয়াত বহি থাকিলে বিৰহ বেদনা বেছিকৈ
তীব্র হব। "
"ধেৎ পাগলী, বল যাওঁ! "
সিহঁতে যাবলৈ ওলোৱা যেন পাই ব্ৰজেনে গলখেকাৰি এটা মাৰিলে। হঠাৎ কাষত মানুহৰ মাত শুনি দুয়ো জনী উচপ খাই উঠিল।
"ঐ, নিৰ্মালী, কোনোবাই আমাৰ কথাবোৰ শুনি
আছে। বল সোনকালে যাওঁ। "
"বল বল"
"নাযাবা নাযাবা, আতঁৰি নাযাবা
অ, মোৰ মৰমী জনী,
তোমাৰে বেদনা আতৰাই থম.....
লৈ যাম লগৰী কৰি........ ";
হঠাৎ ব্ৰজেনৰ গীত শুনি সিহঁতে ঘুৰি চাই অচিনাকি লৰা এজন দেখা পাই লাজুকী লতাৰ দৰেই দুয়ো জনী লাজত জয় পৰিল।
মনি দৌৰি আহি ব্ৰজেনৰ বুকুত সোমালহি। স্থান, কাল সকলো যেন পাহৰি গল। সাচতীয়া সপোনৰ ৰংবোৰ যেন পাই তাই আপোন পাহৰা হল।
" দিবাকৰ এইজনীয়ে মোৰ মনি। "
তেতিয়া হে যে বাস্তবলৈ ঘুৰি আহিল। নতুন লৰাজনে কি ভাবিছে। লাজতে তাইৰ দুগাল গোলাপী হৈ পৰিল। অস্তগামী সুৰুযৰ হেঙুলী ৰহনবোৰ তাই গালে মুখে পৰি। সোণত সোৱগা চৰাইছে। এপাহ যেন তেজৰঙা গোলাপ!
"কি হল মনি, মোক নাপালে ভৰলীত জাপ দিবা নেকি! মই বাৰু কি কৰিম তেতিয়া? "
"যাহ, তোমাৰ যে কথাবোৰ! তুমি ইয়াত লুকাই আছা বুলি মইনো কেনেকৈ জানো ? "
দুয়োটাই সজোৰে হাঁহি উঠিল। দিবাকৰে নিৰ্মালীলৈ চাই কলে .....
"তুমি আৰু সখীৰ বাবে অনিৰুদ্ধক বিচাৰি যাব
নালাগে, মইয়ে লৈ আহিছোঁ। "
"ভালেই কৰিলে, নহ'লে মোৰেই কষ্ট হয়। বাৰু ব্ৰজেন দা এখেত কোন, চিনি নাইপোৱা যে ? "
"মোৰ প্ৰিয় বন্ধু, তোমাক দেখুওৱাবলৈকে লৈ আহিছোঁ। কেনে লাগিছে? "
নিৰ্মালীয়ে লাজত মুৰ তুলিব নোৱাৰা হ'ল।
"কিনো ধেমালি কৰি থাকা! "
মনিৰ কথাত ব্ৰজেনে ৰস পালে। দিবাকৰে মনে মনে ভালেই পাইছে। কৃটিম খং দেখুৱাই ক'লে
"তোৰযে কথা নাই আৰু? "
ব্ৰজেনে, মনিয়ে হাঁহিবলৈ ধৰিলে।
"ভালেই হ'ব ব্ৰজেন দা, তোমাৰ বন্ধু যেতিয়া। দুয়ো মিলিব দেই । "
নিৰ্মালীয়ে মাত দিলে .....
"তুমি বৰ দুষ্ট ব্ৰজেন দা, বল মনি যাঁওগৈ। "
"ৰবা ৰবা, দিবাকৰ এই ফালে আহচোন। তোৰ অথনিৰে পৰা চকু ক'ত মই চাইহে আছিলোঁ।
এতিয়া সচাঁ কথাটো কৈ দে নিৰ্মালীক । "
"মোতকৈ তইহে কব পাৰিবি। তয়ে বুজাই দে। "
"হ'ব বুজিছোঁ ব্ৰজেন দা, তুমি ক'ব নালাগে "!
বুলি নিৰ্মালীয়ে খিলখিলাই হাঁহি দিলে। লাজ, আৰু আনন্দ মিহলি তাইৰ হাঁহিটো দিবাকৰৰ ভাল লাগি গল। সচাঁকৈ ইমান ধুনীয়া ছোৱালী জনী। তাই হ'ব বাৰু বুলি যে কলে, তাৰ মানে কি!
দিবাকৰে নিজৰ মনতে কথাবোৰ ভাবি থাকিল।
ইতিমধ্যে তিনিও কথা পতাত ব্যস্ত ।
অস্তাচলত সুৰুযে বিদায় মাগিছে। যাবলৈ লৈ মনিয়ে কলে
"পৰহি আমাৰ ঘৰলৈ আহিবা "!
" নিশ্চয় যাম, এইবাৰ দিবাকৰকো লৈ আহিছোঁ
আমাৰ গাওঁখন দেখুৱাবলৈ। "
সিহঁতে নেদেখা হোৱালৈ পলক নেপেলাই দুয়ো চাই ৰ'ল।। কি যে এক অদ্ভুত আকৰ্ষণ।
বসন্তৰ পৰশে যেন সিহঁতৰ মনবোৰ আৰু ৰঙীন কৰি তুলিছে।
"কি চিন্তা কৰিছ, দিবাকৰ! একদম মৌন হৈ গলি
যে? "
"নাজানো মনটো বৰ কিবাখন লাগিছে দেখোন। "
"তাৰমানে মহাশয় প্রেমৰ সাগৰত ডুবিল "
"ধেৎ কিযে কথা কৱ! "
"বল দুদিন চিন্তা কৰি লবি, বিহুৰ দিনা যাওঁতে চয়
নিশ্চয় কিবা এটা কৰি পেলাবি । "
"হব এতিয়া বল দিঘলতী লবলৈ আছেই "
নদীৰ পাৰৰ পৰাই দিঘলতী মাখিয়তী অলপ লৈ
ঘৰলৈ খোজ ললে৷।
সন্ধ্যাৰ ঘৰমুৱা পক্ষীৰ কিচিৰ মিচিৰ শব্দ, দূৰণিত
কেতেকীৰ হিয়া ভঙা কান্দোন , নাহৰৰ শাৰী শাৰী বিনন্দীয়া সৌন্দর্য, কেতিয়ানো আহি ঘৰ পালে গমেই নাপালে...........!
◼️মামণি বৰঠাকুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ