বুলডোজাৰ- আব্দুৰ ৰশিদ

©Admin
0
বুলডোজাৰ, মনত ৰাখিবা 
তুমি এক যন্ত্ৰ হে।
তোমাৰ অলেখ গুণ
কিন্তু তুমি নাভাবিবা,
তোমাৰ দোষ ও অধিক।।

তুমিয়েই কৰিছা প্ৰকৃতি উদং,
তোমাৰ ক্ষমতা আছে কাৰণে
ক্ষমতাৰ বলত বলিয়া হৈ
নিশেষ কৰিছা অৰণ্য-জংগল।।

তুমিয়েই বুলডোজাৰ,
মনত ৰাখিবা,
প্ৰকৃতি প্ৰেমীয়ে কেতিয়াও
ক্ষমা নকৰে তোমাক।।

সেই বুলডোজাৰ, 
তুমি দেখোন চিনি পোৱা 
ধনী-দুখিয়াক ।
সঁচাই তুমি মানৱ নে যন্ত্ৰ?

তুমি হৈছা এতিয়া ৰাজনৈতিক অস্ত্ৰ 
তুমিয়েই কৰিছা অঘৰী হেজাৰ হেজাৰ লোকক ।
ধনীৰ বলত তোমাৰ ক্ষমতা যেন 
শূণ্যত পৰিণত হয় ।।

শুনিছোঁ তোমাৰ অনেক বল 
কিন্তু তুমি তিষ্ঠিব নোৱাৰিলা 
পুঁজিবাদীৰ অট্টালিকাৰ ওচৰত।
এইয়া তোমাৰ বল, এইয়া তোমাৰ ক্ষমতা 
তোমাৰ দৌৰ দুখীয়াৰ পঁজা ঘৰ পৰ্যন্ত ।
তুমিয়েই বুলডোজাৰ ।।

এবাৰো ভাবিছা নে ?
অঘৰীৰ কথা।
কেনেকৈ কৰিছে জীৱন-যাপন ?
সঁচাকৈ তুমিয়েই বুলডোজাৰ ।।

অঘৰীৰ হিয়াভৰা অশ্ৰুসিক্তৰ কথা 
তুমিও বুজি নাপালা।
তুমি এতিয়া হৈছা 
ৰাজনৈতিক হাতিয়াৰ ।
তুমিয়েই বুলডোজাৰ।।

অহ হয় ! এতিয়াহে বুজি পালোঁ,
নাই কোনো দোষ তোমাৰ।
তুমি যে ব্যবহৃত হৈছা
ৰাজনীতিৰ পথাৰত ।।

✍️ আব্দুৰ ৰশিদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)