কেতিয়াবা তোমাৰ ব্যস্ততাৰে ভৰা
জীৱনৰ পৰা অকণমান সময় উলিয়াই
মোৰ কাষলৈ আহি এভুমুকি মাৰি
এবাৰ চাই যাবাহি চোন
নিঃসংগতাৰে মলিন হৈ যোৱা
সেই একেযোৰেই সাজ পিন্ধি
নিশা জোনৰ পোহৰত বহি
বিষাদৰ গান শুনি কেনেকৈ অভিমানত
উচুপি সময়বোৰ কটাইছোঁ।
অকণমান সময় মোৰ কাষত বহি
অনুভৱ কৰিবাচোন মোৰ হৃদয়ৰ
বিষাদেৰে নিগৰিত হৈ অহা স্পন্দন
এবাৰ মোৰ সেমেকা চকুযুৰিলৈ
ভালকৈ চাবাচোন মই
কিমান প্ৰশান্তি অনুভৱ কৰিছোঁ
তুমি দেখিবা জোনৰ পোহৰত
টোপাল টোপাল চকুলো বাগৰি অহা
দুচকুৰ উজ্জ্বলতা কেতিয়াও নেদেখা।
দূৰে দূৰে ৰৈয়ে শুনিবাচোন
তুমি বিহীনতাত কেনেকৈ
আকাশৰ জোনৰ সৈতে কথা পাতো
এবাৰ তোমাৰ মনটোক সুধিবা
মই তোমাৰ কোন আছিলোঁ
এবাৰ অনুভৱ কৰিবাচোন।
✍️ দিপশিখা ৰাজকোঁৱৰ