চকুৰে মনিব নোৱাৰা
সেইবোৰেই ধূলি কণা
কেতিয়াবা বেলিৰ
পোহৰত দেখা অসংখ্য
ধূলি কণা য'ত উৰি ফুৰে
পোহৰৰ কণা হৈ ।
ধূলি কণা বোৰৰ দৰে
ময়ো এদিন বিলীন হ'ম
এই জগতত ।
মই আছোঁ নে নাই
কোনে গম পাব (?)
মই নাথাকিলেও
দিন গ'লে ৰাতি হ'ব
আকাশত ওলাব
জোন, বেলি, তৰা
মইতো নাথাকো
জোন,বেলি,তৰাক চাবলৈ।
মই ধূলিৰ সৈতে মিলি যাম।
জগতৰ চৌদিশে
বিচৰণ কৰিম
শূন্যৰ বুকুত ।
◼️মিন্টু গোৱলা
লখিমপুৰ, কদম