বানে গৰকা এখন গাঁৱৰ সাধুকথা - নাছিৰ আহমেদ

©Admin
0
জোনাক নিশা চোতালত ঢাৰি-পাটি পাৰি
আইতাকৰ কোলাত বহি বা শুই শুনা সাধুকথা 
এতিয়াও কাণত ৰিণি ৰিণি বাজি আছে ---

মাহীমাকে তেজীমলাক ঢেকীত খুন্দিওৱাৰ কথা 
ভূত-প্ৰেতৰ সাধুকথা , ৰজা -মহাৰজাৰ সাধুকথা ।

বিয়াৰ নিশাই পতিধনে গৰুৰ গাড়ীত বনিজত যায়
ভিজা কাপোৰত ৰজনীগন্ধা ফুলৰ গোন্ধ থৈ ! গৰুৰ ডিঙিত টিলিঙা আঁৰি টিলিং টিলিং শব্দ কৰি
গোটেই ৰাতি উজাগৰে ছটফটাই থাকে সতী নাৰী
শালিকাক শোধে "মা শালিকা কেই প্ৰহৰ ৰাতি হ'ল ?
মা শালিকা এক প্ৰহৰ ৰাতি হ'ল ,
মা শালিকা দুই প্ৰহৰ ৰাতি হ'ল,
মা শালিকা তিনি প্ৰহৰ ৰাতি হ'ল ;
এতিয়াই চাগে' মোৰ পতিধন আহিল !
গৰুৰ ডিঙিত টিলিঙা আঁৰি টিলিং টিলিং কৰি।

কিন্তু !
বানে গৰকা এখন গাঁৱৰ সাধুকথা শুনি বা দেখি
বুকুৰ মাজেৰে পাৰ হৈ গ'ল শোক-স্তব্ধ কৰুণ বিননি!
মৰুভূমিৰ হাহাকাৰ, শ্মশানৰ ভয়াৱহ নিস্তব্ধতা !
ধ্বংস-প্ৰাপ্ত হ'ল গাঁৱৰ সকলো স্থাৱৰ -অস্থাৱৰ সম্পত্তি।
এবুকু বোকা-বালিত পোত খাই গ'ল ঘৰৰ চোতাল।
তাত বহি আৰু কোনোৱে নুশুনে কোনো সাধুকথা -মাকে নিচুকনি গাই সন্তানক টোপনি অনাৰ বৃথা চেষ্টা - ---           
                             
"-শিয়ালী এ নাহিবি ৰাতি
                             
তোৰ কাণ কাটি লগাম বাটি,
                             
শিয়ালীৰ কাণত মৰুৱাৰ ফুল
                              
শিয়ালী পালেগৈ ৰতনপুৰ।"
  ঘৰৰ সকলোৱে যে বালিৰ তলত চিৰ-নিদ্ৰাত নিমগ্ন !

আমাৰ ভৱিষ্যৎ নাতিহঁতে জানো শুনিবলৈ পাব জোনাক নিশা চোতালত ঢাৰি-পাটিত বহি বা শুই বানে গৰকা এখন গাঁৱৰ সাধুকথা ??
কাৰণ,বানৰ তাণ্ডব আৰু নদীৰ গৰাখহনীয়াত
বানে গৰকা গাঁওখনেই যে নিশ্চিহ্ন হ'ব চিৰদিনলৈ!

◼️নাছিৰ আহমেদ ,শিমলাবাৰী, গোৱালপাৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)