ভেটফুলে হাঁহিছে- হেমেন হাজৰিকা

বৰ্ষণমুখৰ আবেলিটোত
      গ্ৰহণ লাগিল ।।

     চন্দ্ৰমুখী ফুলপাহ
     ফুলাৰ কথা আছিল ।।

    গ্ৰহণমুখী বতাহজাক
    শক্তিশালী নাছিল ।।

   তাৰবাবেই এতিয়া
   এযোৰ চন্দ্ৰ হংস চৰিছে
   পুখুৰীটোত ভেটফুলে হাহিছে ।।

Post a Comment

Previous Post Next Post