ভাগৰুৱা মনে উচুপি উঠে।
ঘাত-প্রতিঘাত,হিংসা, অবিচাৰ,
দুৰ্নীতি আৰু বিশ্বাসঘাতকৰ কবলত পৰি
নিসংগতা আজি প্ৰিয় হৈ পৰে।।
নিসংগতা প্ৰেয়সীৰ প্ৰেমত পৰি,
ব্যস্ত পৃথিৱীত আজি মই অকলশৰীয়া।
নাই কোনো আশা, নকৰো কাকো ভৰষা।
নিসংগতা মানুহৰ অভিশাপ হয়,
আৰু সেই অভিশাপ মোৰ আজি অভিপ্ৰায়।।
পথভ্ৰষ্ট ভ্ৰান্ত জীৱনৰ ৰেখা পথ,
চোৰাবালিৰ চৰত ভাবনা আজি ক্ষান্ত।
নতুন সৃষ্টিৰ গান নাবাজে বন্ধ জীৱন মন্ত্ৰ।।
আপোন মানুহ বহুত থাকে
প্ৰিয় মানুহ পাবলৈ টান।
অকলে খোজ দিছো,অকলে আগুৱাই যাম।।
◼️ নামঃ আজাদুল আলী আছলাম
জিলাঃ বৰপেটা
গাওঁঃ পদ্মপাৰা (চেঙা)