জ্যোতিসংঘৰ সৌজন্যত অনুষ্ঠিত হল "শোণিত কুঁৱৰী "... ;
মাইকত ঘোষণা কৰা হ'ল.......
" শ্রদ্ধাৰ দৰ্শক মন্দলী, ক্ষন্তেক পাছতে আঠ বজাত আমাৰ নাটক আৰম্ভ হব। তাৰ আগতে এজন উদীয়মান শিল্পী, ব্ৰজেন চলিহা য়ে এটা জ্যোতি সঙ্গীত পৰিবেশন কৰি আজিৰ অনুষ্ঠান শুভাৰম্ভ কৰিব। তেওঁৰ লগত যন্ত্র সঙ্গীতত সহযোগিতা
কৰিব ক্রমে দিবাকৰ চৌধাৰীৰ, সঞ্জয় কাকতি আৰু সহযোগী শিল্পী নিজৰা শৰ্মা। এয়া আপোনালোকৰ সমুখত শিল্পী ব্ৰজেন চলিহা। "
লগে লগেই আৰ কাপোৰ আঁতৰে।
পাটৰ পাঞ্জাবী পৰিহিত, সুন্দৰ চেহেৰা, উজ্জ্বল হাঁহিৰে নমস্কাৰ জনাই ৰৈ আছে ব্ৰজেন চলিহা।
লগত সহযোগী সকল। চাৰিওফালে কাঁহ পৰি জীন যোৱা পৰিৱেশ। সুন্দৰ গলগলীয়া মাতেৰে ব্ৰজেনে
আৰম্ভ কৰিলে... ...........
"তোৰে মোৰে আলোকৰে যাত্রা,
অব্যৰ্থ , অব্যৰ্থ
আমি পালো জীৱনৰ অৰ্থ অভীনৱ,
স্বাগত স্বাগত সতীৰ্থ.
সেউজীয়া জীৱনলে জাগৃতি চন্দ্ আহে আহে
জনতাৰ অন্তৰে অন্তৰে....
আলোক বসন্ত হাঁহে হাঁহে.....
প্রচাৰিত অৰুন বাণী......
আগবাঢ়ে যোগাগ্ৰগামী ....
তৰুণ সেনানী........
আজি সমৃদ্ধ বেগে, জাগে জাগে...
বিপ্লৱী প্রাণ.....
মুখৰিত দিশে দিশে অগনিৰ গান।।
তোৰে মোৰে...................
বিপুল হৰ্ষ ধ্বনিৰ মাজত আৰু এটা, আৰু এটা বুলি ৰাইজে অনুৰোধ কৰিলে। ৰাইজৰ অনুৰোধ ৰক্ষা কৰি আৰু এটা গীত পৰিৱেশন কৰি ব্ৰজেন
মঞ্চৰ পৰা নামি আহিল। দৰ্শকৰ বিপুল হাতচাপৰিয়ে তাক অভিভূত কৰি তুলিলে।
নাটক শেষ হোৱাৰ পাছত ব্ৰজেন আৰু দিবাকৰক
জ্যোতিসংঘৰ শিল্পী সকলে হোষ্টেলত থৈ গলহি।
আৰু সেয়ে আৰম্ভনি , লাহে লাহে সিহঁতে জ্যোতিসংঘৰ সদস্য ভৰ্তি হৈ গীত, অভিনয়ৰ মাজেদি নিজকে প্ৰতিষ্ঠা কৰি ললে। কম সময়ৰ
ভিতৰতে দুয়ো জনপ্রিয় হৈ পৰিল। এক সুপ্ত প্রতিভা জাগ্রত হৈ উঠাৰ লগে লগেই ব্ৰজেনৰ সময় বোৰ যেন কেনেকৈ গৈছে গমেই নোপোৱা হল।
পঢা শুনা টো আছেই।
ৰাতিপুৱা মনিলৈ চিঠি এখন পষ্ট কৰিবলৈ গৈ সি ঘুৰি আহিল । নাই সি চিঠি নিদিয়ে। দুদিনৰ ভিতৰত যদি মনিৰ একো খবৰ নাপাই, সি ঘৰলৈ যাব। কলেজ বন্ধ আছে দুদিন।
পাছদিনা সচাঁ কৈ য়ে পিয়নজনে চিঠি এখন দি গ'ল । খুলি চাই দেখে মনিৰ চিঠি।
তাৰ মনলৈ এতিয়া হে যেন অলপ শান্তি আহিছে।
তাই লিখিছে...........
"মৰমৰ ব্ৰজেন দা,
মই ঠিকেই কৈ ছিলো সেইখিনি পায় পাহৰিবা বুলি। কি হল মই মৰিলো বুলি ধৰি ললা নেকি?
একেবাৰে খবৰ নাইকীয়া হল যে, মই তোমাৰ চিঠি লৈ বাট চাই ভাগৰি পৰিলো আৰু সেয়ে আগতে দিলো তুমি পাহৰি গলেও মই টো তোমাক পাহৰিব
নোৱাৰোঁ। তাতবা গৈ কোন ৰম্ভা, মেনকা পালা মোলৈ ক'ত মনত পৰিব! এই পাচমাহৰ ভিতৰত আমাৰ ইয়াত বহু ঘটনা ঘটি গ'ল। মোৰ লগৰ নিৰ্মালী যে তাইৰ দেউতাক ঢুকালে, অচিন ৰোগত।
টকা, পইচাৰ অভাৱৰ বাবেই মানুহজনক বচাব পৰা নগ'ল। ডাক্তৰক বহুত টকা লাগে। তথাপি তো
আমাৰ দেউতাই কিছু দিছিল কিন্তু বচাব পৰা নগল।
বানপানীয়েও এফালৰপৰা সকলো শেষ কৰিলে।
খেতি পথাৰ, পোহনীয়া জীৱ জন্তু সকলো উটুৱাই
নিলে। আমাৰ ঘৰৰ সকলো বেমাৰত পৰি ছিলো।
মোৰ নিমুনিয়া হৈছিল বহু বেছি, ডাক্তৰে নাবাচিম
বুলি কৈছিল, কিন্তু কেনেবাকৈ বাচিলো। এতিয়া
ভীষণ দূৰ্বল অনুভৱ কৰিছো। তুমি ভালে আছানে?
ঘৰলৈ কেতিয়া আহিবা?
পঢ়াবোৰ ঠিকেই কৰিছানে?
আজিলৈ আহো.. ....!
।।।। ইতি........
তোমাৰ মনি ...।
চিঠি খন পঢ়ি ব্ৰজেনে মনিৰ অভিমান ভৰা কথাবোৰত বেচ আমোদ পালে যদিও দুখো লাগিল, খবৰ বোৰ পাই। মনতে ভাবিলে এজন ভাল ডাক্তৰ হৈ দুখীয়া মানুহবোৰক সি বিনামূল্যে
চিকিৎসা সেৱা আগবঢ়াই যাব। মানুহৰ জীৱন পাই
যদি দহৰ কাৰনে একোয়ে কৰিব নোৱাৰো কি কাম
এই জীৱনৰ।
চিঠি খন পঢ়ি এটা স্বতিৰ নিশ্বাস পেলালে। মনটো এতিয়া হে অলপ ভাল লাগিছে।
মনিৰ অভিমান বোৰ ভাবি তাৰ হাঁহি উঠিল। সি সপোন এনেয়ে দেখা নাই। আত্মাৰ মিলন আছে যেতিয়া, ইজনে সিজনৰ হিয়াৰ বিননি নিশ্চয়
শুনিব। কাক পাহৰিম মৰমী তোমাক? মোৰ তেজে তেজে, কলিজাত সোনৰ পুতলা জনী হৈ তুমি আছা! কত নিশা উজাগৰে গ'ল তোমাক সুঁৱৰি
খবৰ জানো ৰাখিছা......!
কি যে ভগৱানৰ অনুপম সৃষ্টি এই প্রেম। যি নহলে
মানৱ জীৱন অৰ্থ হীন হৈ পৰে।
মনিৰ চিঠি পালে যেতিয়া সি একেবাৰে বিহুতে ঘৰলৈ যাব। পঢ়ি বলৈও বহু খিনি আছে।
বিচনাত পৰি লৈ সি সপোন ৰ'চাত লাগিল।
কিমান সময় তেনেকৈ পৰি আছিল ক'ব নোৱাৰে।
হঠাৎ মুখেৰে কিবা এটা ভোৰভোৰাই দিবাকৰ
সোমাই আহিল ।
"বলীয়াৰ দৰে ক'ব নোৱাৰা হৈ কি ভাবি আ'ছ?
ইমান মাতি আছো কব নোৱাৰ। কাক লৈ সপোন ৰ'চাত মগ্ন? "
কৈ কৈ দিবাকৰে চিঠি খন চকু পৰাত
"অ, এইখন কাৰ চিঠি? মনি দীপা বাহ বৰ ধুনীয়া নাম। কোন হয় বা, তেওঁকে লৈ সপোন ৰ'চি আছ নেকি.............? "
ব্ৰজেনে কিবা ক'বলৈ পোৱাৰ আগতেই দিবাকৰে
চিঠিৰ নামটো দেখিলেই, আৰু তাক জোকাবলৈ
লাগিল...... ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ