নিবনুৱা - ৰিম্পী মহন্ত

©Admin
0
মা, 
    সিদিনা মহানগৰীলৈ 
সপোন চকুত লৈ আহিছিলোঁ যে মই ,
ভবাই নাছিলোঁ 
'কেৰিয়াৰ কম্পিটিচন'ত আত্মহাৰা হম বুলি ।
কিন্তু, 
     মই যে একোৱেই কৰিব পৰা নাই, 
মা, 
   বাস্তৱত মই এটা নিবনুৱা হে! হিমালয়ৰ উচ্চতালৈকে উৰিব খোজা ,
মোৰ মনটো কতোঁৱে নবহে অ'
মই যে বাৰে বাৰে সৰি পৰোঁ।
লক্ষ্য মূখী জীৱন নামৰ ৰেলগাড়ীখন 
চিনাকী হৈও অচিনাকী হৈ পৰে।।
সৌ যে সিদিনা..... 
অ, আ, ক, খ চিঞৰি চিঞৰি পঢ়িছিলোঁ, 
তেতিয়াটো মই ভবা নাছিলোঁ 
'কেৰিয়াৰ কম্পিটিচন'ৰ কথা। 
সেইবাবেই নেকি মা'....... 
এতিয়া মই বিচৰা সপোনৰ আলিবাটত ,
শুই আছো এডাল প্রকাণ্ড অজগৰ হৈ......, 
সুখী হব পৰা নাই অ' মই 
এজন নিবনুৱা জীৱন উদযাপন কৰি ।।।
◼️ৰিম্পী মহন্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)