কবিতাৰ নিৰ্জনতাত - নৱনীতা বুঢ়াগোহাঁই

©Admin
0
আঁকিছা নেকি কপালৰ সোঁমাজত 
আবেলিৰ ৰঙা বেলি,
সানিছা নেকি কেচ্‌ কেচ্‌ কেশক দুফাল কৰা আলিটিত
সেন্দুৰ অথবা জলকীয়াৰ গুৰি !

দুহাতত বাৰু সেয়া কি ? 
খাৰু নে কাৰাগাৰৰ হেণ্ডকাফ !

ইটাৰ বঙলাই চেপিছেনে
আৱেগক অহৰহ, 
জুইহালত চৰু পাতোতে তাপিছে চাগৈ কলিজাৰ মঙহ ! 

বাঢ়নীৰ শূলে বিন্ধে নেকি 
তোমাৰ কোমল দুহাতৰ তলোৱাত ?
বুঢ়া আঙুলিৰ নখ বাৰে বাৰে ফাটে নেকি উজুটিত ? 

কেনে আছা ছায়া ?
তুমি এটি ৰহস্যময় প্ৰহেলিকা !

বেহুদা বিষবোৰ আজিও গিলি আছো জানা !

জিলিৰ মাতত ভৰ দুপৰীয়া টোপনি ভাগে
কত নিশাবোৰ যে উজাগৰে কটাইছো...

জোনাকীৰ পোহৰত শুব নোৱাৰো মই, 
নোৱাৰো চাব জোনটোক হেঁপাহ পলুৱাই।

আৱেগৰ গুডাম খুলি চাবা নেকি 
জীয়া দেহত কেনেকৈ জুই লাগে, 
জীৱনে কেনেকৈ মেলানি মাগে ?

ঠিক যেন ফাগুনৰ দৰেই ধূসৰ আৰু শেঁতা পৰা মুখৰ ছাঁ,
আৰু জীৱন উটঘাটনৰ ইউৰেকা।। 

✍️নৱনীতা বুঢ়াগোহাঁই
     তিলৈ নগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)