বল - মনোবল
তাৰ আগে অৰ্থবল,
শিক্ষাত যদি নাই বল
কেনেকৈ বুলিবা সবল।
টকা-পইচা হাতৰ মলি
দুদিনৰ সাৰথি,
শিক্ষা বিনে জীৱনটোত
প্ৰতি খোজতে উজুতি।
ধনী হোৱাত অহংকাৰ
দুখীয়াক কৰা তিৰস্কাৰ,
শিক্ষাত আছে পুৰস্কাৰ
কৰ্মৰে জীৱন জাতিষ্কাৰ।
হিংসাবোৰ পতন কৰা
অহিংসাৰ চাকি জ্বলাই।
শিক্ষাৰে পোহৰ কৰা
জ্ঞান বিলাই বিলাই।।