জীৱনৰ মায়াতে
এদিন উভতিও আহিম
একেটা বাটেৰে৷
হেৰাই যাম বুলি
বাট লোৱা সময়ত
কোনেও কেৰাহিকৈ নচোৱা মইজনক
উভতনি যাত্ৰাত
একেখিনি মানুহেই
সম্বৰ্দ্ধনা জনাব, মালা পিন্ধাই আঁদৰি আনিব৷
অত্যুৎসাহী দুই একে আনে দেখাকৈ
চকুপানী মচিব৷
উভতনিৰো কি মায়া
এক প্ৰাচীন আভিজাত্য নে
বৰ্তমানৰ বিড়ম্বনা
বুজি উঠাৰ অৱকাশ নাথাকিব,
সময়ে মোক মনত পেলাই দিব
মই উভতি আহিছোঁ আনক
হেৰাই যাব নিদিয়াৰ পাঠ শিকাবলৈ,
ভিতৰি আচলতে মই সুখী
নে অসুখী
তাক কোৱাৰ প্ৰয়োজন নাই
এইখন সমাজক
নিখুঁত অভিনয় সময়ৰ দাবী৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ