জনদৰদী তথা সাম্যবাদী ভাবাদৰ্শৰ অধিকাৰী সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা- সুশান্ত দাস

“ বল বল বল
কৃষক শক্তি দল
অ বনুৱা সমনীয়া
আগবাঢ়ি যাওঁ বল ”
- কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা।।

মধ্যযুগৰ অসমত এক স্বৰ্ণযুগ সৃষ্টিকাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকে আদি কৰি বহুকেইজন বৰেণ্য ব্যক্তিৰ পৰৱৰ্তী যুগত যি সকল ব্যক্তিয়ে অসমৰ সমাজ জীৱনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি জাতিটোক শক্তিশালী কৰি ৰাখিছে, সেইসকলৰ ভিতৰত এজন অন্যতম চিৰ নমস্য ব্যক্তি হ’ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁ নিজ কৰ্মৰাজিৰ জড়িয়তে নিজকে ন অসমৰ নৱজাগৰণৰ এজন সৃষ্টিশীল খনিকৰ ৰূপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতি, গীত-নৃত্য, অভিনয় সকলো ক্ষেত্ৰতে ৰাভাদেৱৰ অৱদান অনস্বীকাৰ্য্য৷ তেওঁ জাতি-ভেদ, উচ্চ-নীচ ভেদে এখন বৃহত্তৰ অসমীয়া সমাজ গঠনৰ বাবে আজীৱন অক্লান্ত পৰিশ্ৰম কৰিছিল। তেওঁ বিশ্বাস কৰিছিল সাহিত্য-সংস্কৃতি হ’ল এটা জাতিৰ মেৰুদণ্ডস্বৰূপ, যাৰ অবিহনে এটা জাতিৰ অস্তিত্ব বিপদাপন্ন। সেয়েহে তেওঁ অসমীয়া কৃষ্টি-সংস্কৃতিৰ উন্নয়নৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল। এগৰাকী প্রকৃত শিল্পী, সুন্দৰৰ পূজাৰী, জনসেৱক হিচাপে ৰাভাদেৱে সর্বসাধাৰণ লােকক কলা-সংস্কৃতিৰ প্রতি আকৃষ্ট কৰি প্রতিজন নাগৰিককে সাংস্কৃতিৱান কৰি তুলিব বিচাৰিছিল।
     মাতৃ গেথীবালা ৰাভাৰ গৰ্ভত আৰু পিতৃ ৰায়বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ ঔৰসত ১৯০৯ চনৰ ৩১ জানুৱাৰীৰ দিনা সেইসময়ৰ বঙ্গৰ ৰাজধানী তথা সাহিত্য-সংস্কৃতি আৰু বাণিজ্যৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ঢাকা মহানগৰীৰ সেনা চাউনিত বিষ্ণু প্ৰসাদ ৰাভাদেৱে জন্ম গ্ৰহণ কৰিছিল। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ'লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়ে 'ৰাভা' উপাধি গ্ৰহণ কৰে। ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া গোপালচন্দ্ৰ ৰাভাক 'ৰায়বাহাদুৰ' উপাধি যচা হৈছিল। গোপাল ৰাভাক বেংগলৰ গৱৰ্ণৰৰ এ.ডি.চি. পদলৈ পদোন্নতি দিয়া হৈছিল। দৰং জিলাৰ চাবেক বাসিন্দা গোপাল ৰাভা, তেজপুৰৰ বাণ ৰঙ্গমঞ্চৰ লগত জড়িত আছিল। তেখেতে মূল থিয়েটাৰ ভৱনৰ নিৰ্মাণত যথেষ্ট অৱদান আগবঢ়াইছিল। বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। এই পৰীক্ষাত তেওঁ সেই সময়ৰ অবিভক্ত দৰং জিলাৰ সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সব্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ ‘কুইন এমপ্ৰেছ’ পদক লাভ কৰে। ১৯২৮ চনত তেওঁ চেণ্টপল’ কলেজৰ পৰা প্ৰথম বিভাগত আই এছ ছি পাছ কৰে। তাৰ পাছত কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে ৰাভা কলিকতালৈ যায় আৰু ৰিপন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত স্নাতক শিক্ষা আৰম্ভ কৰে। ১৯২৯ চনত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিকত কলেজৰ ছাত্ৰবাসত পুলিচৰ নিৰ্যাতন আৰম্ভ হোৱাত ৰাভাই কোচবিহাৰৰ ভিক্টোৰীয়া কলেজ বৰ্তমানৰ আচাৰ্য ব্ৰজেন্দ্ৰ নাথ শীল কলেজত নাম লগায়। পঢ়ি থকা কালত তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে আৰু আৰ চি পি আই বা ভাৰতৰ বিপ্লবী সাম্যবাদী দলত যোগ দিয়ে। কোচ বিহাৰতো তেখেত স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু সেই অপৰাধত কলেজ কৰ্তৃপক্ষই বাধ্যতামূলক বদলিৰ নিৰ্দেশ দিয়াত ৰংপুৰ কাৰমাইকেল কলেজৰ কলা বিভাগৰ চতুৰ্থ বাৰ্ষিকত নাম ভৰ্তি কৰে। ইয়াতো আৰক্ষী তেখেতৰ পাছত লগাত পঢ়া আধাতে এৰি দি ১৯৩১ চনত ঘৰলৈ ঘূৰি আহে। ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত 'বাঁহী' আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু 'আৱাহন' আলোচনীত প্ৰবন্ধ-পাতি লিখা-মেলা কৰিছিল। ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে। জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই 'জয়মতী' আৰু 'শোণিত কুঁৱৰী' নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল। ১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত 'তাণ্ডৱ নৃত্য' প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণণে তেখেতক 'কলাগুৰু' উপাধি প্ৰদান কৰে। ১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে। ১৯৪৬ চনত 'ছিৰাজ' বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে সেই দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হয়। ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয়, আৰু ১৯৪৮ চনৰপৰা ১৯৫২ চনলৈ ৰাভাই আত্মগোপন কৰি থাকে। সেই সময়ৰ বিষ্ণুৰাম মেধিৰ চৰকাৰে তেখেতৰ মূৰৰ দাম দহ হেজাৰ টকা ঘোষণা কৰিছিল। ১৯৫২ চনত পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলাৰ বৰ্তমানে কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় আৰু এবছৰৰ বাবে জেললৈ যায়। বিষ্ণুপ্ৰসাদ ৰাভা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল। সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰি গৈছে।  

     মোৰ দৃষ্টিৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হোৱা নাছিল, সময়ে তেওঁক সৃষ্টি কৰিছিল। সমাজ, সংস্কৃতি, ভাষা, সাহিত্যৰ জটিল সন্ধিক্ষণত বিষ্ণুপ্ৰসাদ ৰাভা নামৰ প্ৰখৰ দীপ্তিৰ সাধক গৰাকীয়ে সমাজ জীৱনক উদ্বুদ্ধ কৰিছিল। অসমীয়া সমাজ, সংস্কৃতিৰ অক্লান্ত পূজাৰী বিষ্ণু প্ৰসাদৰাভাৰ ব্যক্তিত্ব আৰু শিল্পী সত্তাৰ মাজত নাছিল কোনো প্ৰভেদ। বিষ্ণু ৰাভা কেৱল এজন ব্যক্তি নাছিল, তেওঁ আছিল এক প্ৰতিষ্ঠান। তেওঁ সংগীতৰ চৰ্চা কৰে, নাটক লিখি অভিনয় কৰে, গল্প,উপন্যাস লিখি আকৌ সমাজতাত্তিক বিচাৰ বিশ্লেষণ আগবঢ়ায় অসমৰ নৃগোষ্ঠী সমূহৰ সমাজ আৰু ইতিহাসৰ সম্ভেদ দিবলৈ প্ৰয়াস কৰে। স্বাধীনতা আন্দোলনৰ অক্লান্ত যুজাঁৰু বিষ্ণু প্ৰসাদ ৰাভাই বিপ্লৱী কমিউনিষ্ট দলত যোগদান কৰি বামপন্থী আদৰ্শৰে দীক্ষিত হৈ অসমৰ জনগোষ্ঠী সমূহৰ কাষ চাপি বাস্তৱ অভিজ্ঞতাৰ মাজেদি অসমীয়া জাতিৰ ঘাই শিপাডাল বিচাৰি উলিয়াবলৈ সক্ষম হৈছিল। তেওঁ সংকীৰ্ণ ভাষিক পৰিচয়ৰে “অসমীয়া”ক বিচাৰ কৰাৰ পৰিবৰ্তে ভৌগোলিক পৰিচয়ৰে গ্ৰহণ কৰিছিল। তেওঁ ভাষিক জাতীয়তাবাদৰ পক্ষপাতীত্ত্ব‌ও কৰা নাছিল। আৰু সংকীৰ্ণ জাতীয়তাবাদে যে অসমীয়া জাতিৰ ক্ষতি কৰিছে সেই কথা আঙুলিয়াই দি তেওঁ লিখিছিল-“বাৰে বাৰে জাতিৰ নামত চুৰি ডকাইতিৰ খেল, বজ্জাতৰ দলে পাতে নিতে জালিয়তী মেল”।  তেওঁ যে ‘অসমীয়া’ক ভাষিক পৰিচয়ৰে সংকীৰ্ণ কৰিব বিচৰা নাছিল সেইকথা তেওঁৰ লিখনিৰ জৰিয়তে প্ৰকাশ কৰিছে। তেওঁৰ এই চিন্তাৰ প্ৰকাশ পাইছে তেওঁৰ ৰচনাৰাজিত।”ভৌগোলিক পৰিবেশ আৰু ইতিহাসৰ বোৱতী ধাৰাত এখন ৰাজ্যৰ আৰু এটা জাতি বিশেষ ৰূপে গঢ় লয় আৰু তাৰ কৃষ্টিতো ইয়াৰ বৈশিষ্ট্য দেখা যায়।‘’ এইদৰেই বিষ্ণু প্ৰসাদ ৰাভাই ভাষিক জাতীয়তাবাদক নস্যাৎ কৰিছে। বৰ্তমান অসমীয়া বৌদ্ধিক সমাজখনে অসমীয়াত্বৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাইছে। এনে সময়ত বিষ্ণু প্ৰসাদ ৰাভাই তাহানিতে আগবঢ়াই যোৱা অসমীয়াৰ সংজ্ঞাই ব্যাপক চৰ্চা লাভ কৰিব লাগিছিল যদিও আজিও অৱশ্যে তেওঁৰ সেই সংজ্ঞাক বহলভাৱে চৰ্চা কৰা নাই। তেওঁ কৈছে,-“লুইতে ডিবঙে বোৱাই আনে মিচিমি কৃষ্টি, কুণ্ডিলে চুতীয়া কৃষ্টি,  দিহিং, নোৱাদিহিং, টেঙাপানীয়ে খামতি, চিংফৌ, ফাকিয়াল, মৰাণ,  সোণোৱাল, কছাৰী কৃষ্টি, দিখৌৱে আনে নগা, টাই, আহোম কৃষ্টি, সোৱনশিৰিয়ে মিচিং,মিৰি কৃষ্টি, বুৰি বুঢ়ীগাং,ভৰলীয়ে দফলা কৃষ্টি, লংকা, কপিলী, যমুনা, কলঙে, মিকিৰ, ডিমাছা কৃষ্টি। এইদৰে ৰাভা, কোচ, গৰো,খাচিয়া, নাথ, কৈবৰ্ত, কলিতা,কায়স্থ, ব্ৰাহ্মণ্য কৃষ্টি উপনৈবোৰে ধুই পখালি আনে।সিফালে নগা, কুকি, লুচাই, তিপৰা,ম নিপুৰী, কৃষ্টি, সুৰমা নৈয়ে বুকুত বান্ধি লৈ ভহাই উটুৱাই ব্ৰহ্মপুত্ৰত পেলাই গতায়।” ৰাভাই উপলব্ধি কৰিছিল যে অসমৰ সকলো জাতি, উপজাতি সমানে বিকশিত হোৱা নাই। আৰু ই অসমীয়া জাতিৰ বিকাশৰ ক্ষেত্ৰত প্ৰধান প্ৰতিবন্ধকস্বৰূপ‌। সেয়ে তেওঁ অসমীয়া ৰাজনৈতিক আৰু সামাজিক নেতাসকলক উদ্দেশ্য কৰি কৈছিল-“অসমৰ অত্যাচাৰিত আৰু অৱনত জাতি সমূহক আন আন উন্নত জাতিৰ লগতে একে আসনতে ঠাই দিবলৈ অসমৰ প্ৰত্যক ৰাজনৈতিক আৰু সামাজিক নেতা সকলে চেষ্টা কৰা উচিত। তাকে নকৰিলে অৱনত জাতি- জনজাতি সকলৰ বুকুত বিদ্ৰোহৰ অগ্নি জ্বলাই আৰু অসমত এটা গৃহ কন্দলৰ বাহ সাজি দিয়া হ’ব। ঐক্য অবিহনে সৌন্দৰ্যৰ বিকাশ আৰু প্ৰগতি অসম্ভৱ।” ৰাভাই অসমত যি গৃহ কন্দলৰ আশংকা কৰিছিল সেই আশংকাই বৰ্তমান অসমীয়া সমাজ জীৱনক কি দৰে ক্ষত-বিক্ষত কৰিছে সেয়া সকলোৰে জ্ঞাত। আনহাতে বিষ্ণু প্ৰসাদ ৰাভাই অসমৰ জনজাতীয় সমাজখন কি দৰে অত্যাচাৰিত, অৱনত হৈছিল সেয়া তেওঁৰ একাধিক ৰচনাত বৰ্ণনা কৰিছে। ইয়াৰ ভিতৰত তেওঁৰ “অগ্নিসংস্কাৰ” নামৰ গল্প আৰু “মিচিং কনেঙ” উপন্যাসৰ নাম উল্লেখযোগ্য। তেওঁ অসমৰ বহু পুৰণি ঠাই, নদ-নদীৰ নামাকৰণত দেখা পাইছিল জনজাতীয় উপাদান। সংস্কৃত মূলৰ শব্দৰ পৰা ধাৰ কৰা বহু প্ৰচলিত শব্দত তেওঁ জনজাতীয় উপাদান আবিষ্কাৰ কৰিছিল। এই বিষয়ে ৰাভাই তেওঁৰ লিখনিত প্ৰকাশ কৰিছে এইদৰে-“যেতিয়া কালিকাপুৰাণ, যোগিনীতন্ত্ৰ ৰচিত হ’ল, তেতিয়া এই পুৰণি আৰু তন্ত্ৰ প্ৰণেতাসকলে নানা গল্পৰে সজাই ‘কামৰূ’ক কামৰূপ, ‘কমলখী’ বা কাম-খী (ক্ষী) বা কাম-ক্ষাক কামাখ্যা কৰিলে, ‘ভুল্লুং বুথৰ’ক ব্ৰহ্মপুত্ৰ কৰিলে, ‘টিলাও’ক লাওটি,লুইটি, লোহিত, লৌহিত্য কৰিলে।  আহোমসকলে যেতিয়া অসমলৈ আহিছিল তেতিয়া তেওঁলোকে ব্ৰহ্মপুত্ৰ নদৰ নাম শুনা নাছিল, ‘টিলাও’হে শুনিছিল।”বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনা সম্ভাৰত এই বিষয়ে বহলভাৱে আলোচনা কৰিছে। 
        
         ১৯২৯ চনত তেওঁ ৰিপন কলেজৰ সাধাৰণ সম্পাদক ৰূপেও নিৰ্বাচিত হৈছিল। সেইসময়ৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা লোৱাৰ বাবেই তেওঁৰ ওপৰত পুলিচৰ চোকা দৃষ্টি আছিল। সেয়েহে তেখেতে ৰিপন কলেজৰ পৰা কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ আৰু তাৰো পৰৱৰ্তী সময়ত ৰংপুৰৰ কাৰমাইকেল কলেজলৈ বদলি হবলগীয়াও হৈছিল আৰু শেষত তাতেই তেওঁ শিক্ষা জীৱনৰ সামৰণি মাৰিছিল। ১৯৩৯ চনত ৰাভাদেৱে কাশী হিন্দু বিশ্ববিদ্যালয়ত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি সকলোৰে সমাদৰ লাভ কৰিছিল আৰু তাতেই ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱে তেওঁক “কলাগুৰু” উপাধি প্ৰদান কৰিছিল। অসমৰ ইতিহাসত চিৰদিন এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি ৰোৱা ৰাভাদেৱৰ মৃত্যুৰ দিনটোক অৰ্থাৎ ২০ জুন তাৰিখটোক “ৰাভা দিৱস” হিচাপে পালন কৰা হয়। এক অনন্য ধাৰাৰ সৃষ্টিকাৰী তেখেতৰ গীতসমূহক নামাকৰণ কৰা হৈছিল “ৰাভা সংগীত”ৰূপে। তেখেতে যি বিপ্লৱী ধাৰা পোষন কৰিছিল, সেই ধাৰাত স্বাধীনতা কেৱল বগা চাহাবৰ দাসত্বৰ পৰা স্বাধীন হোৱাতেই সীমাবদ্ধ নাছিল। তেওঁৰ মতে, তাত শোষণ, নিষ্পেষণৰ দাসত্বৰ পৰা সাধাৰণ শ্ৰমিক শ্ৰেণীয়ে পাবলগীয়া স্বাধীনতাও অন্তৰ্ভুক্ত হৈ আছিল। সেই চিন্তা যে কেৱল অসমৰ জনসাধাৰণৰ পক্ষেই আছিল, তেনে নহয় সেইয়া আছিল এক বিশ্বজনীন মানৱীয় চিন্তা। এই স্বাধীনতা নোপোৱালৈকে, হগা চাহাবৰ পৰা ক’লা চাহাবলৈ হস্তান্তৰিত হোৱা ১৯৪৭ চনৰ স্বাধীনতাক তেওঁ প্ৰকৃত স্বাধীনতা নহয় বুলিও ঘোষণা কৰিছিল। পৈতৃক সম্পত্তিৰূপে লাভ কৰা ২৫০০ বিঘা মাটিক তেখেতে ভূমিহীন কৃষকসকলক বিলাই দি সমাজত এক আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে। উল্লেখযোগ্য যে তেজপুৰ বিশ্ববিদ্যালয়খনো তেখেতে দান কৰা ভূমিতে সগৌৰৱেৰে আজিও অসমৰ এক অন্যতম গৌৰৱ হৈ থিয় দি আছে। বিষ্ণু ৰাভা আছিল মানুহৰ শিল্পী। পৃথিৱীখন, বিশেষকৈ জন্মভূমি অসমখন তেওঁৰ শিল্পক্ষেত্র আছিল। অসমৰ মাটি-পানী, গ্রাম্য জীৱন আৰু গ্রাম্য লােক-সংস্কৃতিৰ প্রতি তেওঁৰ আছিল সুগভীৰ শ্রদ্ধা, মৰম আৰু অকৃত্রিম ভালপােৱা। সেয়ে তেওঁ অতি কম সময়তে জনসাধাৰণৰ হিয়াৰ আমঠু হ’ব পাৰিছিল। গীত আৰু সুৰেৰে সজোৱা এখন হৃদয় আৰু মানৱীয় এটা বহল মন লৈ প্রান্তে প্রান্তে খােজকাঢ়ি, সাঁতুৰি-নাদুৰি, পাহাৰ বগাই, ছদ্মৱেশ ধৰি তেওঁ সর্বসাধাৰণ জনতাৰ একেবাৰে কাষ চাপি গৈছিল, খােৱা-বােৱা কৰিছিল, নৃত্য-গীত-আনন্দ কৰিছিল বা তেজোদ্দীপ্ত ভাষণ দিছিল। গণচেতনাত তেওঁৰ আছিল অগাধ বিশ্বাস। তেওঁ বজ্ৰকণ্ঠে ঘােষণা কৰিছিল যে ৰাইজৰ মৰম-চেনেহেই ৰক্ষাকবচ আৰু ৰাইজৰ আশিসেই পাশুপাট অস্ত্র। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তী কালতো তেখেতে শোষিতজনৰ স্বাধীনতাৰ বিৰুদ্ধে অন্য এক সংগ্ৰাম চলাই গৈছিল। জীৱনত এহাতে বন্দুক আৰু আনহাতে কলম লৈ সংগ্ৰাম চলাই যোৱা এইজন ব্যক্তিক বহুতে সব্যসাচী বুলিও কৈছিল। খিলঞ্জীয়া জনতাৰ হাতত ক্ষমতা প্ৰদানৰ বাবে জনজাগৰণ কৰিবলৈ তেখেতে বহু তেজস্বী বক্তৃতা প্ৰদান কৰিছিল। সাম্প্ৰতিক সময়ৰ পৰিস্থিতিত ৰাভাদেৱৰ “হাল যাৰ, মাটি তাৰ” শ্লোগানেৰে খেতিয়ক-মজদুৰক মাটিৰ মালিকীস্বত্ব প্ৰদান, জমিদাৰী প্ৰথাৰ অন্ত পেলোৱা আদি বিষয়ক চিন্তাধাৰা তথা আদৰ্শ বোৰ খুবেই প্ৰয়োজনীয় হৈ পৰিছে। অসমৰ বিভিন্ন জনগোষ্ঠী আৰু জাতি সত্তাৰ মাজত ঐক্য সম্প্ৰীতি প্ৰতিষ্ঠা কৰি আকাশৰ দৰে সুবিশাল আৰু হিমালয়ৰ দৰে সুউচ্চ মানসিকতাৰে এক শক্তিশালী জাতি গঠনৰ উদ্দেশ্যে আগবাঢ়ি আহিছিল এইজনা মহান পুৰুষ। গণশিল্পীজনৰ সপোন আছিল হালোৱা-হজুৱা, কৃষক-শ্ৰমিক,বনুৱা-মজদুৰ সকলক লৈ এখন ন অসম প্ৰতিষ্ঠা কৰা। তেওঁৰ দৃষ্টিত ৰাইজেই ৰজা আছিল। তেওঁ অনুভৱ কৰিছিল, অসমৰ জাতীয় জীৱনৰ গৌৰৱময় সাংস্কৃতিক সৌধটোৰ ভিত্তি হ’ল অসমত যুগ যুগ ধৰি বসবাস কৰি অহা বিভিন্ন জাতি-জনগােষ্ঠীৰ সাংস্কৃতিক আহিলাসমূহ। সেয়ে তেওঁ এই জনগােষ্ঠীসমূহক বুজিবৰ বাবে অহৰহ চেষ্টা চলাইছিল। ৰাভাদেৱে কৈছিল— “কৃষ্টি-সংস্কৃতি আৰু সভ্যতা ধনী অসমীয়াৰ হাতত নাই। ধনতান্ত্রিক আৰু সাম্ৰাজ্যবাদৰ হেঁচাত অসমীয়া গাৱঁলীয়া দুখীয়া, হালােৱা-হজুৱা, বনুৱা বাচি নাথাকিব। যদি অসমীয়াৰ দুখীয়া শ্রেণী মৰে, তেন্তে অসমীয়া জাতিও মৰিব, অসমীয়া কৃষ্টি-সংস্কৃতি, অসমীয়া সভ্যতা সকলাে লয় পাব। অসমীয়াক বচাব পৰা যাব একমাত্র বিপ্লৱৰ মাজেদি। সেয়ে তেওঁ সকলাে হালােৱা-হজুৱা, কৃষক-শ্রমিকক সংগ্ৰামৰ বাবে আহ্বান জনাইছিল। ৰাভাদেৱ আছিল সঁ‌চা অৰ্থত মাটিৰ মানুহ,জনতাৰ শিল্পী।মুক্ত বিহংগৰ দৰে দিহিঙে-দিপাঙে ঘূৰি-ফুৰি সকলোকে আপোন কৰি লৈছিল।বিভিন্ন ভাষা-ভাষী আৰু জনজাতীয় লোকসকলৰ লগত সহজেই মিলি যাব পাৰিছিল।কেতিয়াও কাৰো সৈতে হাই-কাজিয়াৰ নজিৰ নাই।সেয়ে ৰাভা অসমৰ জনগণৰ অতিকৈ চেনেহৰ আৰু শ্ৰদ্ধাৰ পাত্ৰ। তেওঁ নিজৰ মানৱ দৰদী ব্যক্তিত্বৰে জনগণৰ হৃদয় দখল কৰিবলৈ সক্ষম হৈছিল। মেহনতী জনতাৰ দুখ-কষ্টক উপলব্ধি কৰি তেওঁ ওলাই আহি তেওঁলোকৰ দুখৰ সমভাগী হৈছিল।মানৱতাৰ পূজাৰী আছিল বাবেই তেওঁ ২৫০০ বিঘা মাটিৰ মায়া-মোহকো নেওচি আৰ্তজনৰ সেৱাৰ বাবে ওলাই আহিব পাৰিছিল।নিজে লঘোনে থাকিও আনক খুৱাইছিল।গোটেই জীৱন আৰ্থিক দুৰৱস্থাই পিছ নেৰিলেও হাঁহি হাঁহি তাক জয় কৰিছিল।অসমীয়া সংস্কৃতিৰ প্ৰাণস্বৰূপ,ধাৰক আৰু বাহক। হালোৱা,হজুৱা,বনুৱা,দলিত,শোষিত,নিষ্পেষিত,নিপীড়িত ৰাইজৰ হিয়াৰ মৰম-চেনেহৰ মাজতেই তেওঁ জীৱনৰ সমস্ত সুখ বিচাৰি পাইছিল।তেওঁলোকৰ মাজৰে এজন হৈ মিলনৰ ৰঙীণ মালা পিন্ধি অসম মাতৃৰ মুখত হাঁহিৰ সঞ্চাৰ ঘটোৱাই তেওঁৰ উদ্দেশ্য আছিল।মানৱ দৰদেই তেওঁক মাৰ্ক্সবাদৰ প্ৰতিও আকৰ্ষিত কৰিছিল।বগা পাঠা স্বৰূপ সাম্ৰাজ্যবাদ আৰু ক’লা পাঠা স্বৰূপ পুঁ‌জিপতি শোষণকাৰীক বলি দি সাম্য আৰু নিকা সমাজৰ সপোন দেখিছিল।
ৰাভাৰ অন্তৰত জনতাৰ স্থান কেনেকুৱা আছিল সেয়া এটা ঘটনাৰ জৰিয়তে স্পষ্ট ৰূপত বুজিব পাৰি।এবাৰ ৰাভাদেৱে যাত্ৰা কৰি থকা গাড়ী এখনত আদবয়সীয়া তিৰোতা এগৰাকীয়ে বমি কৰিছিল।ফলত যাত্ৰীসকলৰ তিৰোতাগৰাকীৰ ওপৰত বৰকৈ খং উঠি গালি-গালাজ কৰিবলৈ ধৰিলে। তেতিয়া ৰাভাদেৱে নিজৰ গাত লোৱা এৰী চাদৰখনেৰে বমি কৰা চিটটো মচাৰ লগতে গাড়ীৰ ভিতৰখন চাফা কৰিলে।সকলোৱে আচৰিত হৈ ইজনে আনজনৰ মুখলৈ চোৱা-চুই কৰিলে।কোনেও ৰাভাদেৱক চিনি পোৱা নাছিল।তেওঁ গন্তব্যস্থল পাই নামি যোৱাৰ পাছতহে চালকৰ মুখে আটায়ে গম পালে যে সেয়া তেওঁলোকৰ ৰাভাহে আছিল।এয়াই আছিল সহজ-সৰল ৰাভাৰ উচ্চ মনৰ উদাহৰণ।তেওঁ জনতাৰ শক্তিক শ্ৰদ্ধা কৰিছিল।জনতাৰ মাজতেই সৰ্বোচ্চ শক্তি বিৰাজমান বুলি দৃঢ় বিশ্বাসী আছিল। জন-জীৱনৰ সুখ-দুখ,হাঁহি-কান্দোন,আশা-নিৰাশা আদি তেওঁৰ সৃষ্টিৰাজিত খুব সুন্দৰকৈ ফুটি উঠিছে।ৰাভাৰ প্ৰতিটো সৃষ্টিৰে কেন্দ্ৰবিন্দু আছিল জনগণ।তেওঁ মনে-প্ৰাণে মানুহৰ মাজৰ অসমতা আৰু দৰিদ্ৰতাৰ অৱসান বিচাৰিছিল।কৃষক-বনুৱাৰ প্ৰতি অফুৰন্ত মৰমো তেওঁৰ গীতৰ মাজেৰে ফুটি উঠিছে।কৃষক-বনুৱাক ‘কেঁ‌চা সোণ’ বুলি কোৱাৰ লগতে নিজকে তেওঁলোকৰ বন্ধু বুলিও গণ্য কৰিছিল-

“জুমে জুমে আহ কেঁচা সোণ
আহ বনুৱাৰ দল
ন-পোহৰৰ জিলিকনি সানি
যাওঁ‌ আগুৱাই ব’ল।”

“ব’ল ব’ল ব’ল ব’ল
কৃষক শক্তি দল
অ’ বনুৱা সমনীয়া
আগবাঢ়ি যাওঁ‌ ব’ল।”

শোষণ-দুৰ্নীতি নিৰ্মূল কৰি সহজ-সৰল হালোৱা,হজুৱা,বনুৱাৰ সমাজ এখন তেওঁৰ কাম্য আছিল। শোষিত শ্ৰেণীৰ দুৰ্দশা দেখি কাতৰ হোৱা ৰাভাদেৱে গীতৰ মাধ্যমেৰেই ৰণুৱা-বনুৱাৰ মাজৰেই এজন হৈ গৰজি উঠিছিল-

“ ধনী ! মহাজন ! ! জমিদাৰ ! ! !
…………………হুচিয়াৰ ! হুচিয়াৰ
শেষ যুদ্ধৰ আমি ৰণুৱা
পৃথিৱীৰ হালোৱা বনুৱা
হ’ম বিজয়ী আমি দুখীয়া।
ক’ত ৰ’বি ধনী এইবাৰ
হুচিয়াৰ ! হুচিয়াৰ ! !
ধনী ! মহাজন ! ! জমিদাৰ ! ! !
……………হুচিয়াৰ ! হুচিয়াৰ ! ! ”
এনেবোৰ গীতৰ লহৰীয়ে আজিও অসমীয়াক উদ্বুদ্ধ কৰে। গণমুখি আৰু সাম্যবাদী ভাবাদৰ্শৰ অধিকাৰী এই মহান ব্যক্তিত্বৰ শূণ্যতা অসমীয়া সমাজত বৃহৎ ক্ষতি। 

      বিপ্লৱী আৰু শিল্পী সত্তাৰ বাহিৰেও তেওঁ এজন গৱেষকো আছিল। তেওঁক অসমৰ প্ৰথমজন নৃতত্ববিদ বুলিও আখ্যা দিয়া হয়। তেখেতে অসমৰ জাতি, জনগোষ্ঠী সমূহক লৈ “বানো-কোবাব” নামেৰে এখনি ক্ষেত্ৰ ভিত্তিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল। তাত তেখেতে জনজাতীয় জীৱনৰ বিভিন্ন উপাদানসমূহক পদ্ধতিগতভাবে লিপিবদ্ধ কৰিছিল। তাৰোপৰি তেওঁ “অসমীয়া কৃষ্টিৰ সমূহ আভাস”, “অতীত অসম” নামেৰেও গৱেষণা মূলক গ্ৰন্থ প্ৰকাশ কৰিছিল। একেধাৰে বহু প্ৰতিভাৰ অধিকাৰী এইজনা মহান ব্যক্তি ১৯৫১ চনত ভাৰতীয় গণনাট্য সংঘৰ ৰাজ্যিক সভাপতি হৈছিল আৰু এই মঞ্চৰ যোগেদি কলিকতা আৰু মুম্বাইৰ পেশাদাৰী জগতৰ শীৰ্ষস্থানীয় লোকৰ সৈতে সান্নিধ্যলৈ অহাৰ স্বত্বেও তেওঁ কলাক কাহানিও পেশা হিচাপে অবলম্বন কৰা নাছিল। ৰাষ্ট্ৰীয় খ্যাতিৰ আশাত তেওঁ কাহানিও নিজ ৰাজ্য এৰি মঞ্চ বিচাৰি যোৱা নাছিল। তেখেত অসমৰ জনজাতীয় সংস্কৃতি, পৰম্পৰা তথা ঐতিহ্যক লৈ খুবেই সচেতন আছিল। তেখেতৰ যুক্তি মতে অসমীয়া ভাষা আৰু সংস্কৃতিৰ গুৰি জনজাতীয় মূলৰ। উচ্চবৰ্ণৰ বৌদ্ধিক দমনেহে হয়তো এই কথা সদৰি কৰিবলৈ নিদিলে বুলিও তেওঁ মত পোষণ কৰিছিল। তেখেত কোনো এটা জাতি বা জনজাতীয় পৰিচয়ৰে সামৰিব পৰা সত্তা নাছিল। বিষ্ণু ৰাভাই ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু সংখ্যক ভাষা জানিছিল। তেওঁৰ সংঘাটময় বৈপ্লৱিক জীৱনত গাঁৱে গাঁৱে বিভিন্ন সম্প্রদায় তথা জাতিৰ মানুহৰ মাজত ঘূৰি ফুৰােঁতে, কাম কৰােঁতে এই ভাষা জ্ঞানে যথেষ্ট সহায় কৰিছিল। শিল্পী হিচাপে ৰাভাদেৱৰ কৃতিত্ব তুলনাবিহীন। কৃষক-শ্রমিকক শােষণ বিৰােধী সংগ্ৰামত উদ্বুদ্ধ কৰিবৰ বাবে তেওঁ যি গীত-মাত ৰচনা কৰিছিল, সেই ৰচনাই তথাকথিত ৰক্ষণশীল লােকসকলৰ ভেম মষিমূৰ কৰিবলৈ সক্ষম হৈছিল। সংগ্রামী শিল্পীগৰাকীৰ গীতৰ কথাৰ মহত্ব, সুৰৰ লালিত্য আৰু শব্দৰ সংযােজন সঁচাই অতুলনীয়।

তেখেতৰ প্ৰথম পত্নী প্ৰিয়লতা বৰুৱাৰ মৃত্যুৰ পিছতে তেওঁ শোকাগ্নিত জাহ গৈ লিখি উলিয়াইছিল যুগ সৃষ্টিকাৰী “পৰজনমৰ শুভ লগনত….” গীতটি। বিভিন্ন কলাৰ যোগেদি অসমীয়া সংস্কৃতিৰ সাধনা কৰা এইজন লোকে অতীত প্ৰীতি, শংকৰ-মাধৱৰ জীৱনাদৰ্শ আদিক বাৰুকৈয়ে অনুকৰণ কৰিছিল। ১৯৩৯ চনত তেওঁ লিখি উলিয়াইছিল “অ অসমীয়া ডেকা দল, আজি তোৰ তেজাল হিয়া মলিয়ন কিয় হ’ল..” শীৰ্ষক গীতটি। ৰংপুৰ কলেজত পঢ়ি থকা সময়ত ৰাভাদেৱে “বাঁহী” আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু “আৱাহন” আলোচনীৰ বাবেও লেখা মেলা কৰিছিল। ঢোল, খোল, বাঁহী, মৃদংগ আদিকে ধৰি বহু বাদ্যযন্ত্ৰও বজাব পাৰিছিল তেওঁ। ১৯৪৬ চনত”ছিৰাজ” ছবিত তেওঁ অভিনয়ো কৰিছিল। তেখেতৰ দ্বাৰা ৰচিত উপন্যাস কেইখন হ’ল- “সোণপাহি”, “মিচিং কনেং” আৰু “জীৱন লালসা”। নাটক- “গেঙনি-ৰেঙনি” আৰু গল্পৰ ভিতৰত-মামীৰ হাৰ, কুৰি বছৰ জেইল, জাল কেছ, হিয়াৰ পুং,ফুংকা। ছিৰাজৰ উপৰিও ৰাভাদেৱে “এৰা বাটৰ সুৰ”আৰু “প্ৰতিধ্বনি” বোলছবিতো অভিনয় কৰিছিল। তেখেতৰ সোঁৱৰণতেই “কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটা” প্ৰদান কৰা হয়৷ তেওঁৰ গীত আৰু কবিতাসমূহত সেই সময়ৰ স্বাধীনতা আন্দোলনৰ বিপ্লৱী ভাৱধাৰা বাৰুকৈয়ে জিলিকি উঠিছিল। সেইসময়ত ৰচিত গীত সমূহে অসমীয়া জনসাধাৰণৰ মনত দেশপ্ৰেম জাগ্ৰত কৰিছিল। জীৱনৰ শেষৰ চোৱাত কৰ্কট ৰোগত আক্ৰান্ত হৈ তেখেতে "এয়ে মোৰ শেষ গান,মোৰ জীৱন নাটৰ শেষ ৰাগিনী, কল্যাণ খৰমান......" শীৰ্ষক গীতটি লিখিছিল আৰু এনেদৰেই ১৯৬৯ চনৰ ২০ জুনত এইজনা মহান আত্মাই চিৰদিনৰ বাবে পৃথিৱীৰ পৰা বিদায় লৈছিল। তেওঁৰ সংগ্ৰাম আছিল সমাজৰ দুৰ্গত জনৰ বাবে। নিজৰ দূৰদৰ্শীতা আৰু অনুভূতিৰ বলত তেওঁ বৃহত্তৰ অসমীয়া জাতিৰ পুনৰ নিৰ্মাণৰ দিশত এক গণ জাগৰণৰ সপোন দেখিছিল। শ্ৰীমন্ত শংকৰদেৱক অনুসৰণ কৰি তেওঁ যেন শংকৰদেৱৰ আধৰুৱা কামখিনি কৰিবৰ বাবেহে যত্নপৰ হৈ উঠিছিল। প্ৰতিজন নাগৰিকক কলা সংস্কৃতিৰ জড়িয়তে আকৰ্ষিত কৰি সংস্কৃতিবান কৰি তুলিব বিচাৰিছিল তেওঁ। এইয়াই আছিল বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদান। গোটেই জীৱনজুৰি বিষ্ণু ৰাভাৰ সংগ্রামী সত্তা প্রস্ফুটিত হৈছিল আৰু বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াৰ ক্ষেত্ৰত তেওঁ অকৃত্ৰিমভাৱে চিন্তা-চৰ্চা কৰিছিল বাবে তেওঁ গণশিল্পী, যােদ্ধা, অক্লান্ত সৈনিক শিল্পী আৰু পূর্ণ প্রতিভাৰ এগৰাকী যুগনায়ক হ’ব পাৰিছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ আলােকযাত্রাৰ মূল সহযাত্রী, চিৰবিপ্লৱী, অশান্ত-অমৰ শিল্পী, কলাগুৰু বিষ্ণু ৰাভাৰ চিন্তা, আদর্শ আৰু দর্শন আজিৰ পুৰুষৰ বাবে প্রকৃত অর্থতেই এক অনুকৰণীয় দৃষ্টান্ত।
       ৰাভাৰ মতে জনজাতি সকলৰ মাজত শিৱৰ ধাৰণা নাছিল। তেওঁৰ মতে এই ধাৰণা আৰ্যসকলে জাপি দিয়া। চুতীয়া সকলৰ ‘গীৰা-গৌৰাচী’- বুঢ়া-বুঢ়ী দেৱতা দুগৰাকীক হৰ-পাৰ্বতী, লালুঙৰ মহাদাই, ৰাভা-কোঁচৰ খকচী- লেঙামাৰা, বড়ো-কছাৰীৰ বুঢ়া-বাথৌ চিজৌক শিৱ বুলি আখ্যা দিছে। বিষ্ণুপ্ৰসাদ ৰাভা জনজাতি সকলৰ ঐতিহ্যৰ প্ৰতি অতি সচেতন আছিল। তেওঁ কেতিয়াও পৃথকতাবাদী মনোভাৱৰ নাছিল। বিষ্ণু প্ৰসাদ ৰাভা কোনো জনজাতীয় সংগঠনৰো প্ৰতিনিধি নাছিল। তেওঁ বুজিছিল যে, অসমীয়াৰ সামগ্ৰীক বিকাশৰ বাবে জনজাতি সকলকো সম দৃষ্টি, সমমৰ্য্যদাৰে আগুৱাই নিয়াত ৰাজনৈতিক, সামাজিক নেতা সকলে অহোপুৰুষাৰ্থ কৰিব লাগিব। ৰাভাৰ সেই চিন্তাৰ প্ৰাসংগিকতা আজিও আছে। “ বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি ! তুমি সাৰে আছা, সাৰে আছে প্ৰীতি…” সাম্প্ৰতিক সময়ৰ পৰিস্থিতিত যেন এইষাৰ কথাই বাৰুকৈয়ে হৃদয়স্পৰ্শ কৰি যাব ধৰিছে। হয়তো এতিয়া ক'ব লাগিব যে, “বিষ্ণু ৰাভা বহুত ৰাতি”। সাধাৰণ জনগণৰ মাজত উজাগৰে থাকি নিঃস্বাৰ্থভাৱে কাম কৰি যোৱা বিষ্ণুৰাভাৰ ত্যাগক সন্মান জনাবৰ বাবে যেন আজিৰ অসমীয়া অসমৰ্থ। মাথো তেওঁৰ প্ৰীতি যেন জীয়াই থাকিল এটা নিৰ্দিষ্ট দিনৰ জকমকীয়া অনুষ্ঠানৰ মাজত। প্ৰায় লুপ্ত হ'ব ধৰিল তেখেতৰ স্বাৰ্থহীন সমাজ গঠনৰ স্বপ্নটোও। বিষ্ণুপ্ৰসাদ ৰাভাৰ নিচিনা এক যুগনায়কৰ চিন্তা-ভাৱনা সংক্ৰান্তীয় যিকোনো প্ৰশ্নকে তেওঁৰ সমকালীন সমাজ-বুৰঞ্জীৰ গতি-প্ৰকৃতিৰ পটভূমিতহে বিচাৰ কৰি চাব লাগিব। পাশ্চাত্যৰ সভ্যতা-সংস্কৃতিৰ প্ৰভাৱত আৰু সূদীৰ্ঘ দিনৰ পৰাধীনতাৰ তিক্ত পৰিৱেশত উনবিংশ শতিকাৰ শেষভাগ আৰু কুৰি শতিকাৰ আদিভাগত ভাৰত তথা অসমত যি এক বুৰ্জোৱা জাতীয়তাবাদী নৱজাগৰণৰ উদগিৰণ ঘটিছিল, বিষ্ণুপ্ৰসাদ ৰাভা আছিল সেই ধাৰাৰে অসমৰ প্ৰতিনিধি। জাতীয় গৌৰৱৰ অতীত সমলসমূহৰ পুনৰুদ্ধাৰৰ মাজেদি জাতীয় চেতনা শক্তিমান কৰি তোলাটো আছিল এই নৱজাগৰণৰ অন্যতম কাৰ্যসূচী। উমৈহতীয়া শক্তিশালী শত্ৰু ব্ৰিটিছ সাম্ৰাজ্যবাদৰ সৈতে মোকাবিলা কৰাৰ স্বাৰ্থতে বিচিত্ৰ ভাৰতৰ বিভিন্ন জাতিসত্তাসমূহৰ ঐক্য-সমন্বয়ৰ আৱ্শ্যক আছিল আৰু এনে ঐক্য-সমন্বয়ৰ চেতনা আছিল উক্ত জাতীয়তাবাদৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ। ফলস্বৰূপে, বিহাৰী-নিধন আৰু নেপালী-পিটনৰ কাৰ্যসূচী-সম্বলিত সংকীৰ্ণ উগ্ৰ জাতীয়তাবাদৰ সৈতে উপৰিউক্ত জাতীয়তাবাদৰ আছিল আকাশ-পাতাল প্ৰভেদ। 
তেনে এক জাতীয়তাবাদী চেতনাৰ পৰিৱেশৰ পৰা জীপ লৈ তাৰ আৰ্হিতে জীৱনৰ প্ৰথমাৰ্ধত বিষ্ণু ৰাভাই বৃ্হত্তৰ অসম কিম্বা বৰ অসমৰ চিন্তাটো কৰিছিল। তেৱোঁ অসমত শংকৰী চিন্তা আৰু সংস্কৃতিৰ পুনৰুজ্জীৱনৰ মাজেদি, কীৰ্তনঘোষা, নামঘোষাৰ শৌৰ্য্য-বীৰ্য্যৰে, নাট-গীত-নাম-বৰগীতৰ তুৰ্যনাদেৰে আজিৰ অসমৰ সমূহ জনগোষ্ঠী তথা নগা, খাচি, মণিপুৰীকে ধৰি উত্তৰ-পূবৰ সমূহ জাতিকে সামৰি, ঐক্যবদ্ধ কৰি বৰ অসমৰ কাঠাম তৈয়াৰ কৰাৰ কথা ভাবিছিল। সেই সুবাদতে তেওঁ কৈছিল, “সৰু সৰু জুৰি-নিজৰি উপনৈৰ সমন্বিত শকতিৰ দ্বাৰা যেনেকৈ ব্ৰহ্মপুত্ৰই তাৰ বিশালতা আৰু বিৰাটতা লাভ কৰিছে, ঠিক তেনেকৈ অসমৰ বহুজাতি,উপজাতি আৰু জনজাতিৰ কৃষ্টি-সংস্কৃতি আৰু সাহিত্যয়ো বিশালতা আৰু বিৰাটতা লাভ কৰিছে।” কিন্তু, বৰ্ণহিন্দু অসমীয়াৰ ভাষা-সংস্কৃতিকে জোৰ-জুলুমকৈ অন্যান্য জনগোষ্ঠীৰ ওপৰত জাপি দি ঐক্য-সমন্বয় গঢ়াৰ কথা তেওঁ ভবা নাছিল; বৰং জনগোষ্ঠীসমূহৰ ভাষা-সংস্কৃতিৰ সৈতে আদান-প্ৰদানৰ মাজেদিহে বৃ্হৎ অসমীয়া জাতি নিৰ্মাণৰ সপোন তেওঁ দেখিছিল। বৰ্তমানৰ কেতবোৰ জনগোষ্ঠীৰ বিচ্ছিন্নতাকামী স্বপ্নৰ পৰা ৰাভাৰ এই স্বপ্ন বহুত বেলেগ। কুৰি শতিকাৰ তৃতীয় দশকত ভাৰতবৰ্ষৰ সামাজিক-ৰাজনৈতিক আকাশত এক নতুন চিন্তা-চেতনাৰ অভ্যূদয় হয়। সেয়া হৈছে মাৰ্ক্সবাদী সাম্যবাদ। পঞ্চম দশকৰ মাজভাগত বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সান্নিধ্যলৈ অহাটোৱেই ৰাভাৰ চিন্তা-চেতনাৰ পৰ্বান্তৰ সূচনা কৰে। মাৰ্ক্সবাদৰ পোহৰত নতুনকৈ তেওঁ উপলব্ধি কৰিলে যে ইংৰাজ-ভাৰতীয়, অসমীয়া-বঙালী, বড়ো-মিচিং– এনে জা্তীয়তাবাদী পৰিচয় আৰু চিন্তা বাস্তৱ পৰিস্থিতিক বুজাৰ আৰু তাক পৰিৱৰ্তন কৰাৰ বাবে যথেষ্ট নহয়। ভাৰতীয়ৰ মাজতে, অসমীয়াৰ মাজতে, বড়োৰ মাজতে শোষকো আছে, শোষিতও আছে; শাসকো আছে, শাসিতও আছে; ধনী-জমিদাৰ-পুঁজিপতিও আছে, হালোৱা-হজুৱা-কৃষক-বনুৱাও আছে। কেৱল ইংৰাজেই শত্ৰু নহয়– “ৰাজ্যে আছে দুইটি পাঠা/ একটি কালো একটি সাদা/ ৰাজ্যেৰ যদি মংগল চাও/ দুইটি পাঠাই বলি দাও।” “বগা পাঠা” ইংৰাজৰ বিৰুদ্ধে জাতীয়তাবাদী চেতনা নিশ্চয় কিছুদূৰ কাৰ্যকৰী। কিন্তু, দুয়ো ৰঙৰ পাঠাৰ বিৰুদ্ধে অৰ্থাৎ বিদেশী পুঁজিপতি আৰু স্বদেশী পুঁজিপতি শোষকৰ বিৰুদ্ধে যুঁজি জয়লাভ কৰিবলৈ জাতীয়তাবাদ বিশেষ কাৰ্যকৰী নহ’ব। সেয়ে শ্ৰেণী চেতনাৰ পোহৰত বৰ অসমৰ চিন্তাটো তেওঁ নতুনকৈ কৰিলে। তেওঁ ক’লে, “যিবিলাক ধনী, জমিদাৰ, হাকিম, পুঁজিপতি, চাহ-বাগিচাৰ মালিক… তেওঁলোক জানো অসমীয়া, তেওঁলোক জানো ভাৰতৰ নাগৰিক ? তেওঁলোক অসমীয়া আৰু ভাৰতৰ নাগৰিকো নহয়। পৃথিৱীৰ আন আন দেশৰ সেই একে শোষক সম্প্ৰদায়ৰ তেওঁলোক, যাৰ জাতি নাই, দেশ নাই, কেৱল সুবিধাবাদী, মুনাফাখোৰ, চোৰাংবাজাৰী।” এটা জাতিসত্তাৰ মূল ভিত্তি তাৰ ভাষা আৰু সংস্কৃতি। কিন্তু, বিষ্ণু ৰাভাই বুজিছিল যে ধনী, জমিদাৰ, পুঁজিপতিচামে অসমীয়া ভাষা-সংস্কৃতি ৰক্ষা নকৰে, বড়ো ভাষা-সংস্কৃতিকো ৰক্ষা নকৰে। তেওঁলোকে অসমীয়া খাৰলি-কাঁহুদি খোৱাৰ পৰিৱৰ্তে বিদেশী পোলাও-চাওমিনৰ জুতি ল’ব; বিহু নচাৰ পৰিৱৰ্তে বিহুনাচ মঞ্চত আৰু আজি-কালি চিডিত চাব; নিজৰ ল’ৰা-ছোৱালীক ইংৰাজী ভাষাত অভ্যস্ত কৰি অসমীয়া ভাষা-সংস্কৃতিৰ পৰা বিচ্ছিন্ন কৰিব। ৰাভাই কল্পনা কৰা বৰ অসম বা বৃ্হত্তৰ অসমৰ ব্ৰহ্মপুত্ৰ-সদৃশ বাৰে ৰহণীয়া ভাষা-সংস্কৃতিৰ ভাৰখন কঢ়িয়াই নিয়ে নিষ্পেষিত-নিপীড়িত হালোৱা-হজুৱা, কৃষক-বনুৱা, তল-মজলীয়া শ্ৰেণীৰ সংখ্যাগৰিষ্ঠ জনতাইহে। গতিকে তেওঁ কৈছে, ‘‘অসমীয়া জাতিৰ মৃত্যুবাণ এই হোজা, দুখীয়া, গাঁৱ্লীয়া অসমীয়াৰ হাততহে!” শোষকক উৎখাত কৰি এই নিষ্পেষিত জনতাৰ উত্থান ঘটিলেহে অসমীয়া জাতিৰো উত্থান ঘটিব। অৰ্থাৎ পৰিণত বয়সত ৰাভাৰ স্পষ্ট উপলব্ধি হৈছিল যে বৰ অসম নিৰ্মাণৰ প্ৰক্ৰিয়া মাৰ্ক্সকথিত শ্ৰেণীসংগ্ৰামৰ পথতহে সম্ভৱ; বিশুদ্ধ জাতীয়তাবাদী পথেৰে নহয়। জাতীয়তাবাদী কাৰ্য-কলাপক শ্ৰেণীসংগ্ৰামৰ সৈতে সমন্বিত কৰি ল’লেহে বগা আৰু ক’লা উভয় পাঠাকে নিধন কৰি বৰ অসম নিৰ্মাণ আৰু কৃষক-বনুৱাৰ মুক্তিৰ যুটীয়া লক্ষ্যত উপনীত হ’ব পৰা যাব। 

ফণী বৰাৰ মতে, 
“ৰাভা আছিল এটি বহুমুখী প্ৰতিভা, স্বাধীনতা সংগ্ৰামৰ প্ৰথম শাৰীৰ সৈনিক, জ্বলন্ত দেশ-প্ৰেমৰ নিদৰ্শন, সংস্কৃতিৰ পূজাৰী। অসমৰ জাতি-জনজাতিক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টাৰ প্ৰতীক। শোষণকাৰী পুঁজিবাদীৰ বিৰুদ্ধে ৰাভাই জনসাধাৰণক নাট্য-সংগীত আৰু লেখনীৰ মাজেৰে জগাই তুলিবলৈ বিচাৰিছিল।..
শ্ৰীশ্ৰীশঙ্কৰদেৱৰ পিছত এনে বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি ৰাভাৰ বাহিৰে দ্বিতীয়জন এতিয়ালৈকে অসমত ওপজা নাই।”..
ভূপেন হাজৰিকা দেৱৰ মতে,“বিষ্ণুৰাভা জীয়াই থাকোঁতে মানুহে তেওঁক যিমানখিনি জানিছিল বা যিদৰে জানিছিল- মৃত্যুৰ পিছৰে পৰা যিমানেই দিন গৈছে তেওঁক তাতকৈ বহু বেছি ভালদৰে বুজি উঠা যেন লাগিছে। বহুমুখী প্ৰতিভা আৰু বিশাল ব্যক্তিত্বৰ অধিকাৰী বিষ্ণু ককাইদেউ আছিল জাতি-জনজাতিৰ সমন্বয়ৰ এক জীৱন্ত প্ৰতীক।
বিষ্ণু ৰাভা ঠিকাদাৰ নহয়, মন্ত্ৰীও নহয়, সত্ৰাধিকাৰো নহয়, নাস্তিকো নহয়, খাটি মহাপুৰুষীয়া যদিও মাছ-মাংস খায়।
২৫০০ বিঘা মাটিৰ জমিদাৰ হৈয়ো পুঁজিপতি নহয়, মাটিও নাই। গেৰুৱা বসন নিপিন্ধে যদিও সন্ন্যাসী, বিশ্ববিদ্যালয়ত দহোটা–পাঁচোটা গৱেষণা কৰা নাছিল যদিও গৱেষক, বুৰঞ্জীবিদ, নৃতত্ববিদ। বিপ্লৱী যদিও ৰোমাণ্টিক। জাতি বিচাৰ নামানে যদিও ধনী-দুখীয়াৰ জাতি বিচাৰ মানে। তিনিটা সন্তানৰ পিতৃ যদিও গতানুগতিক সংসাৰী নহয়।
কমিউনিষ্ট হ’লেও ফেনাটিক নহয়। বয়স তিনিকুৰি হ’লেও মনটো একৈশ বছৰীয়া। খাটি বড়ো, খাটি অসমীয়া অথচ বিশ্বৰ ছন্দে ছন্দে ধাৱমান এক মহান মানৱ শিল্পী।।” সঁচাই তেওঁ এজন গণমুখি তথা সৈনিক শিল্পী।তেখেতে ওৰেটো জীৱন জনগণৰ হিতৰ নামতেই উচৰ্গা কৰিছিল। সা-সম্পত্তিৰ লালসাৰপৰা সম্পূৰ্ণ মুক্ত হৈ দুৰ্গতজনৰ মাজৰ এজন হৈয়ে কাল নিয়াই পৰম তৃপ্তি লভিছিল।জনতাৰ আশীৰ্বাদকেই সাৰোগত কৰি জীৱন অতিবাহিত কৰিছিল। এইজনা জনতাৰ বন্ধুৰ ১৯৬৯ চনৰ ২০ জুন তাৰিখে মহাপ্ৰয়াণ ঘটে। কিন্তু তেখেতে সমাজত যি গণমুখি তথা সাম্যবাদী ভাবাদৰ্শৰ নিচান ৰাখি থৈ গ’ল সেয়াই তেওঁক অসমীয়াৰ অন্তৰত তেওঁক চিৰযুগমীয়া কৰি ৰাখিব।

Post a Comment

Previous Post Next Post