কল্লোল নীৰৰ হিল্লোল তুলি
বাগৰি বাগৰি আহা নদীৰ পাৰ ভাঙি,
বৰ্ষাৰ বৰষুণৰ বিৰল পৰশত
উজাই আহা নদীৰ কক্ষপথত,
মানৱ সভ্যতাক দেখা কৰোঁ বুলি (!)......
(প্ৰাণোচ্ছল)
আজি ভাগিৰথীক চাবা নে ব্ৰহ্মপুত্ৰক (?)
মগন সকলো নৃত্যৰ বে-তাল তানত
ঢৌৰ ভেদিব নোৱাৰা প্ৰাণোচ্ছল খেলা,
মানৱ জাতিৰ আয়ুস ৰেখাৰ
উদ্ভ্ৰান্ত মনৰ শীৰ্ষ আলোড়নত,
তটিনী প্ৰাণ আজি ছন্দোৱদ্ধ কবিতা (!)...
(উদ্ভ্ৰান্ত)
মানৱ সম্পদ আৰু সপোনৰ ঘৰখনিক
ধুৱাই নিবলৈ নকৰি কুণ্ঠাবোধ,
ব্যগ্ৰ মন ; উৎফুল্ল প্ৰাণৰ
তুমি ৰূপ লোৱা বিশ্ব-সংহাৰিনী,
বৃক্ষ-গুল্ম-মানৱ-দানৱ সকলোকে নিয়া উটুৱাই
প্ৰলয় আৰু সৃষ্টিৰ যুগান্তৰৰ সম্বন্ধত,
তুমি উদ্ভ্ৰান্ত সৃষ্টিকাৰিনী।।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ