তোমাৰ বুকুত শেষৰটো দিন - লাকী দুৱৰা

©Admin
0
তোমাৰ কথা ভাবিলেই জানা
হাজাৰ সপোনে পাহি মেলিবহি 
বুকুৰ মাজত হেজাৰ গোলাপে
সোঁৱৰণিৰ ৰঙা দলিচা
সংগোপনে দিবহি পাৰি ৷
সুমধুৰ সংগীত হৈ ,
বাজি ৰ’ব 
কলিজাৰ চৌপাশে প্ৰতিক্ষণ ৷
কিমান যে স্মৃতিৰ তাজমহল সাজিলো ,
পাৰ হৈ যোৱা তিনিটা বসন্তত ৷
 যৌৱনৰ মাদকতাবোৰ
হাঁহিৰ সঁফুৰাবোৰ
সান্নিধ্যৰ আকুলতাবোৰ
সকলোবোৰকে স্মৃতিৰ পেৰাত
সজাই লৈ ফুৰিম আজীৱন 
তোমাৰ নামত ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)