চাৰিওঁফালে হাহাকাৰ।
এইবাৰ আমি কেনেকৈ তৰিম
মানুহৰ কি যে বিলাই।।
ঘৰ উটি গ'ল,
গোহালি উটি গ'ল
উটি গ'ল বাৰীৰ তামোল পাণ।
শিশুৰ হিয়া ভগা ক্ৰন্দন
বৃদ্ধৰ চকুপানী।
হে প্ৰভু আমাক
দিয়া পৰিত্ৰাণ।।
বাট ঘাট চিনিব নোৱাৰি
জীৱ জন্তুৰ নাই আশ্ৰয় শিবিৰ।
বানাক্ৰান্তৰ আৰ্তনাদ আৰু যে
সহিব নোৱাৰি।।
কোনোবাই কয় "এই ঠাইতে মোৰ মৰমৰ ঘৰখন আছিল।"
পিছফালে তামোল পাণ
আগফালে ভৰাল দৈনন্দিন
জীৱনত কোনো অভাৱ নাছিল।।
বানাক্ৰান্তৰ আৰ্তনাদ আৰু
সহিব নোৱাৰি।
শিশুৰ পেটৰ ভোক, বৃদ্ধৰ
মনৰ দুখ চাই থকাই যেন টান।
নেদেখা জনক শতবাৰ প্ৰণিপাত।
"হে প্ৰভু আমাক দিয়া পৰিত্ৰাণ"।।
ইমানতে শেষ হওঁক অসমৰ বলীয়া বান।।
✍️অনিমা তালুকদাৰ দত্ত
দূৰভাষ - 9101288625
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ