নষ্ট ছোৱালী

Rinku Rajowar
0
নিষিদ্ধ গলিত এটা সৰু ঘৰ,
ছোৱালী জনীয়ে ক'লে- লে বাবু সোনকালে আৰম্ভ কৰ,মোক আকৌ বেলেগ গ্ৰহক ধৰিব লাগিব।
ল'ৰা জনে ক'লে - চিগাৰেট এটা খাব পাৰিম নে ?
ছোৱালী জনীয়ে ক'লে -  ঢ়ং কিমান,
মনে যি  বিচাৰে তাকেই খোৱা,
তেতিয়া ল'ৰা জনে ক'লে- আচ্ছা আমি কিছু সময় কথা পাতিব পাৰোঁ নে ?
ছোৱালী: যি কৰিব আহিছা তাকেই কৰি বিদায় ল ।
ল'ৰা: কিছু সময় কথা পাতো !
ছোৱালী: আচ্ছা কোৱা।
ল'ৰা: তোমাৰ নাম কি ? 
ছোৱালী: চামেলি ।
- আৰে এইটো দেখোন তোমাৰ পেশাদাৰী নাম, আচল নাম কোৱা ?
অলপ সময় চুপ কৰি থাকি ক'লে - চন্দ্ৰানি ।
- তুমি হঠাৎ এইবিলাক কাম ?
কিছু সময় ঘৰখনত নীৰৱতা হৈ ৰল  , 
তাৰ পিছত ক'লে,
- মই তেতিয়া স্কুলত পঢ়ো,
- মেট্ৰিক পৰীক্ষা দিম, এজন ল'ৰাই বহু দিনৰ পৰা মোক ভাল পাইছিল, মইয়ো তাক ভাল পাইছিলোঁ , বহু দিন ধৰি ভাল পাওঁ ভাল পাওঁ বুলি কৈ আছিল, আৰু মোৰ মনেও বিচাৰিছিল, আজি হয় বুলি কোৱা দৰকাৰ, তাক মই ভাল পাওঁ বুলি কৈ দিলোঁ।।
-ল'ৰা জনে ক'লে তাৰ পিছত কি হ'ল কোৱা?
-চামেলি আকৌ ক'বলৈ আৰম্ভ কৰিলে- ল'ৰা জন চাহ বাগিচাত কাম কৰিছিল, মোৰ কাৰণে বহুত কিছু আনিছিল, এদিন মোৰ জন্মদিনত তেওঁ  কেক লৈ আহিছিল,
-জানা বাবু মোৰ জন্মদিনত কেতিয়াও কেক কটা নাছিলোঁ।
-তাক মই বহুত ভাল পাইছিলোঁ ।
- বহু সময় তেওঁ মোক কাষত বিচাৰিছিল, কিন্তু মই কৈছিলোঁ এইবিলাক বিয়াৰ পিছত হে পাবা।
তাৰ পিছত এদিন দুপৰীয়া স্কুলৰ পৰা আহোতে হঠাৎ তেওঁ ক'লে 
আমালোকক পলাই যাব লাগিব, মই আচৰিত হৈ কৈছিলোঁ কিয় ?
তেওঁ ক'লে মই ঘৰত তোমাৰ কথা কৈছোঁ , ঘৰত মানি নলয় আমাৰ সম্পৰ্ক।।
- আকৌ ক'লে তাৰ পিছত কি হ'ল কোৱা ।
চামেলিৰ চকুলো আহি গ'ল, কিছু সময়ৰ কাৰণে নিৰৱতায় আশ্ৰয় ল'লে, নিৰৱতা ভাঙি চামেলিয়ে কৈ উঠিল- 
তেওঁৰ লগত  তেতিয়াই পলাই গলো,তাৰ পিছত এখন গাঁওত আহিলো , তেওঁ ক'লে মই কিছু দিনৰ মুৰত আহি আছোঁ এই কেইদিন তোমাৰ দেখা শুনা ৰূপায় কৰিব। কিছু দিন পিছত জানিবলৈ পালোঁ মোক বিক্ৰী কৰি দিছে-২০০০০ টকাত।।
- জানা বাবু প্ৰথমে   এইবিলাক  কৰিবলৈ মান্তি নাছিলোঁ, কিন্তু ওই বাবুটো মোৰ লগত জোৰজৱস্তি কৰিছিল, মাহিয়ে মাৰিছিল,ভয় দেখুৱায় , মোৰ খোৱা - ৱোয়া বন্ধ কৰি দিলে। তাৰ পিছত ৰূপায় লুকাই লুকাই খোৱা বস্তু দি ক'লে- তেওঁ আৰু নাহিব, এইটোৱে তোমাৰ নিয়তি, তাৰ পিছৰ পৰা আৰু একো নাভাবো।
-ল'ৰা: আচ্ছা এইটো হোৱাৰ তোমাৰ ইচ্ছা আছিল নেকি ?
- চামেলি: ইচ্ছা আছিল চহৰত গৈ চাকৰি কৰিম, মা- দেউতাক পেট ভৰাই  দুবেলা - দুমুঠি খোৱাই সুখত ৰাখিম।
ছোৱালী জনিৰ  চকুৰে পানী নিগৰি মুখত আহি আছিল,
- এতিয়া তৰ কাম কৰ বাবু নহ'লে মাহিয়ে চিল্লাব ।।
ল'ৰাটোয়ে টকা দিলে
- চামেলি: কি হ'ল বাবু , তুমি দেখোন একো নকৰিলা তেনেহলে টকা কিয় দি আছা?
- ল'ৰা: তোমাৰ গল্প শুনাৰ টকা দিলোঁ,
কিছু দিন পিছত
ৰূপা আহি ক'লে - তোমাৰ ছুটি , আজিৰ পৰা এইবিলাক কৰিব নালাগে।
-চামেলি: কিয়?
 - ৰূপা : এজন বাবুয়ে তোমাক ল'বলৈ আহিছে , মাহিক ৫০০০০ টকা দিছে।।
 হঠাৎ বাহিৰত উলাই দেখিলোঁ, সেই দিনৰ বাবুটো
 - তেওঁ চুপ - চাপ গুচি গ'ল,তাৰ পিছত
মন্দিৰত বিয়া পাতিলে, দুচকুত পানী,সিৰত সেন্দুৰ।।
হঠাৎ প্ৰশ্ন কৰিলে, ঘৰত কি কবা এতিয়া, তেওঁ ক'লে মোৰ কোনেও নাই, আৰু আজিৰ পৰা তুমি চামেলি নহয়, তুমি চন্দ্ৰানি।
ছোৱালী জনীয়ে ভঙা কণ্ঠত  কবলৈ ধৰিলে কোনে কইছে তোমাৰ কোনেও নাই,মই আছোঁ তোমাৰ লগত।।


◾আব্দুল কাদেৰ মিঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)