জীৱন এক ৰঙ্গমঞ্চ

এই বিশাল ধৰণীখন এখন মঞ্চ, 
আমি মঞ্চত অভিনয় কৰি আছোঁ।
এইখন ধৰাৰ বুকুত কত ই যে জন্ম লৈছে 
কত যে মানুহৰ মৃত্যু হৈছে।
আহিছে মানুহ গৈছে মানুহ 
মাজৰ সময়খিনি মাথোঁ 
এখন নাটঘৰত অভিনয় কৰিছে।
কি যে মায়াভৰা পৃথিৱীখন !
মায়াভৰা পৃথিৱীখন এদিন অগা-পিছা কৰি 
সকলোৱে এৰিব লাগিব 
মহাকৰ্ষণৰ  নীতি অনুশীলন কৰি ৷
এই নাটঘৰৰ মঞ্চখন 
কেতিয়াও খালীহৈ নাথাকিব 
নিজৰ নিজৰ নাটক চলি থাকিব; 
আমি মাথোঁ ভাৱৰীয়া জীৱনৰ নাট কৰি থাকোঁ। এজন গুচি গ'লেও 
আৰু এজন নতুনকৈ আলহী আহি জন্ম লৈ নাটকখন চলাই নিয়ে।
কি যে ধৰিত্ৰীৰ নিয়ম ! 
যাক কোনেও সলনি কৰিব নোৱাৰে।
তুমি,মই নাথাকিলেও চন্দ্ৰ, সূৰ্য 
একেখন কক্ষপথত ঘূৰিব, 
বায়ু,পানী বিচৰণ কৰি থাকিব।
আমি মাথোঁ নাটঘৰ এৰি য়াম।।

◾ছেলিমা বেগম
জিলা নগাঁও

Post a Comment

Previous Post Next Post