তাইৰ মাকে মাছ কাটে বজাৰত

Rinku Rajowar
0
তাইৰ মাকে হেনো মাছ কাটে বজাৰত
দীঘল কৈ যে ঢাৰ থকা 
দা খন হাতত লৈ ক'লাকৈ তিৰোতাজনী,
হয় তাইৰেই মাকে মাছ কাটি বিক্ৰী কৰে বজাৰত |

বৰ লাজ পাই তাই 
সন্ধিয়া যে মানুহবোৰ গোট খাই
তাত তাইৰে বহু বান্ধবী থূপ খায় 
তথাপি তাইৰ মাকে মাছ কাটে বজাৰত |

দাখনহে বৰ পিছল 
তাই কেৰাহিকৈ চাই যায় 
সন্ধিয়া এপাক আহি 
ভীষণ ব্যস্ততা মাকৰ…
তাইৰ মাকে মাছ কাটে বজাৰত ।

থূপ খাইছে বান্ধবীবোৰ 
ভীৰ বাঢ়িছে মানুহৰ
মাছ কাটিছে তাইৰ মাকে 
ভীষণ ব্যস্ততাৰে… |

পিছল দাৰ একেটা ঘাপতেই 
হিচাপ মিলে মাছৰ ওজনৰ
ৰূপছন্দা , ইলিচ,ৰৌ 
আৰু বহুতো…
তিনিশ গ্ৰাম , এপোৱা বা কিলোগ্ৰাম 
মাছ কাটি যায় তাইৰ মাকে |

মাথো তাইহে মাকলৈ  কেৰাহিকৈ চাই
তাইতো নুবুজে 
বান্ধবীৰ সন্মুখত মাকক চিনাকি দি 
তাই পোৱা লাজতকৈ যে 
বেছি কষ্টকৰ 
তাইৰ মাছকটা মাকৰ মনৰ ঘা |

সেয়ে তেওঁৰ ভীষণ ব্যস্ততা 
প্ৰতিটো ঘাপত তেওঁ কাটি যায় 
বিচ্ছেদৰ এটা এটা ৰিক্ত মূহুৰ্ত
প্ৰতিটো মাছৰ ছেদনত
তেওঁ ছেদ কৰে অভিশপ্ত বেদনাৰ ছাঁ
তাইৰ মাকে মাছ কাটে বজাৰত |

তাই লাজ পাই 
কাৰণ তাই নুবজে 
তাইৰ দেউতাকে তাইক 
নিজৰ বুলিবলৈ লাজ পায়
সেয়ে আজি তাইৰ মাকে মাছ কাটে বজাৰত।  


      
🔴অনামিকা দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)