পঢ়ি আছিলোঁ
পঢ়িছোঁ
আৰু পঢ়ি থাকিম ।।
আগ পুৱাতে
তিয়নি পিন্ধি
দুৰুণ ফুলেৰে
অস্থি তিয়াব লাগে
দ'হোটা পুৱা ।।
জিয়াতে ক্ৰিয়া পুঠি নাপালেও
চিৰিয়া আঙুঠি
দিব লাগে
মৰাৰ পিছত ।।
দশপিণ্ডৰ পিছতে
দেহা মন শুচি হয়
পৰম্পৰা মতে ।।
আত্মা তিলফুল হৈ ফুলে
দুৰুণজোপাও
শিতানত হালে জালে ।।
সত্যতা নহ'লেও
লোকাচাৰ মানিব লাগে
নহ'লে যে
লাগনি অবিহনে
চৌকা নজলে ।।
◾হেমেন হাজৰিকা
ৰাণী
কামৰূপ অসম