ফাগুনৰ এজাক পছোৱা

ফাগুনৰ এজাক সপোন যেন পছোৱা
মোৰ হৃদয়ৰ বন্ধ কোঠালিত
প্ৰৱেশ কৰাৰ লগে লগে
হৃদয়খন একেবাৰে সজীৱ হৈ উঠিল।
হিমচেঁচা বতাহজাকে হৃদয়ৰ প্ৰতিটো কোণতে
শিঁহৰণ জগাই তুলিলে,
বুজাব নোৱাৰা অনুভূতিবোৰে
বুকুৰ কোনোবা এচুকত
ভালপোৱা নামৰ বীজ সিঁচি
প্ৰাণময় কৰি তুলিলে।
হৃদয়ৰ প্ৰতিটো স্তৰতে বাজি উঠিল
প্ৰেমৰ মধুময় সুৰ।
বুকুৰ উপত্যকাত
তোমাৰ উপস্থিতি অনুভৱ কৰিলোঁ।
বাহিৰৰ সেউজীয়াবোৰৰ মাজত
ৰাঙলী মদাৰ, পলাশজোপাই
বাৰে বাৰে চঞ্চলা কৰি তুলিলে।
উন্মনা মনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
তোমাৰ বাতৰি কঢ়িয়াই অনা
পছোৱাজাকৰ মাজতেই 
আকৌ মোৰ মনৰ খবৰ
তোমালৈ বুলি পঠিৱালো।
অনুভৱবোৰ বুকুৰ মাজত
আলফুলে বান্ধি ৰাখি
তোমাৰ উমাল বুকুৰ মাজত জীয়াব বিচৰা
হাবিয়াসখিনিও মৰমেৰে সামৰি,
তোমাৰ কাষলৈ উৰি আহিলোঁ
ফাগুনৰ সেই পছোৱাজাকতেই।।
                       

             ◾প্ৰিয়ংকা বৰা
             (যোৰহাট, চেনিজান)

Post a Comment

Previous Post Next Post