নিৰ্দয়

0
কোনে জুমি চাই মাজনিশা
মোৰ বুকুত জ্বলা জুইকুৰা, 
কোনে ভয়াৰ্ত কণ্ঠে চিঞৰি উঠে
হায়! হায়! এই দানৱৰ বুকুত চোন হৃদয়েই নাই, 
যি আছিল বেদনা তাকো জুইকুৰাই এতিয়া
 জ্বলাই কৰিলে নিষ্ঠুৰতাৰ চায় । 

কোনে সুধে,কোনে বুজে! 
কোন সপোনৰ পৰীয়ে আহি 
ৰুণজুন শব্দ কৰি
ষড়যন্ত্রৰ আশ্ৰয় লৈ জ্বলাই দিলে হিয়া,
হায়! হায়! সৰলতা আজি দেখুন হাৰি গ'লা।


◾চিন্ময় বৰা। 
বিশ্বনাথ চাৰিআলি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)