এজাৰবোৰত বাজি উঠিল
বসন্তৰ মৃত্যু ঘণ্টা।
তুমি নাই
ময়ো নাই!
তুমি আৰু মই সেই চহৰৰ
প্ৰাচীন ভগ্নাৱশেষ,
ক্ৰমশঃ ছাঁই হোৱা দুটা মৃতদেহ!
(২)
তুমি যে এদিন গুচি যাবা
সেই কথা মই জানিছিলোঁ।
ময়ো যে এদিন গুচি আহিম
সেই কথা তেৱোঁ জানিছিল!
যাৰ বুকুত,ওঁঠত আৰু নাভিত লাগি আছে
মোৰ শৈশৱৰ অপৈণত চুমাবোৰ
শ্বেতকুষ্ঠৰ দৰে।
(৩)
য'ত তুমি এৰি থৈ গ'লা,
য'ত মই এৰি থৈ আহিলোঁ!
(আহিব পাৰিলোঁ নে)
আহোঁ বুলিয়েইতো আহিব নোৱাৰি,
যাওঁ বুলিয়েইতো যাব নোৱাৰি।
এৰি অহা বাটতেই লগ পাওঁ
তোমাক, তেওঁক আৰু বহুতক!!
স্মৃতি কিয় পিছলৈ টানা?
◾ ৰাকেশ নাথ (তেজপুৰ)
ফোন- 7638086918
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ