সুগন্ধি বৰষুণ।
ঠনধৰি উঠা এখন নদী।
শাওন হ'ল ক্লেদময় পথাৰৰ
এটা সেউজীয়া গান।
শাওন মানেই হ'ল
এজাক ডবাপিটা বৰষুণৰ
বোকাময় এটি সুৰ।
বুকুৰ শূণ্যতাত ঠনধৰি উঠে
এখন সেউজীয়া পৃথিৱী।
য'ত ধূলি ধুসৰিত ৰংবোৰ
পৰিৱৰ্তন হয় সেউজীয়ালৈ।
মূৰৰ ওপৰত এখন নীলিম আকাশ।
প্ৰকৃতিৰ ৰূপ ৰাশিয়ে সেউজীয়া
কৰি তোলে কৃষকৰ মন।
শাওন মানেই হ'ল
যৌৱনাৰ নদীৰ এটি ঢৌ।
শাওন মানেই হ'ল
মোৰ কবিতা বনত
হামখুৰি খাই পৰা এজাক
খিচমিচ সৰু চৰাই।
🔴বিটুমনি কোঁছ
ধেমাজি (মাছখোৱা)