উপেক্ষা

Rinku Rajowar
0
হিমালয় সদৃশ
সমস্যাবোৰ পাৰ হ'বলৈ
 সংযোগ বিচ্ছিন্ন হৈ পৰে 
ভাল লগা উৎসৱৰ পৰা। 

মাহ জুৰি থাকি যায় নিজৰে লগত
মুখা মুখি হ'বলৈ। 
মইও জানো সময় গ'লে
ৰ'দে গৰকা মন পদূলিৰ
চিনাকি সুহুৰি সুবাস কিম্বা
উশাহত সিঁচৰতি হোৱা বসন্তৰ বিলাস
  বিচাৰি পিতপিতাই ফুৰিলেও  
 শূন্যতা পূৰণ নহ'ব কাহানিও। 

মৌলিক প্ৰয়োজনীয়তাত
উপেক্ষিত হয় 
হৃদয়ৰ প্ৰয়োজনীয়তা
আজৰি সময়ৰ অপেক্ষাত
জীৱনে মেলানি মাগে
আবৰ্জনা হৈ পৰি ৰয় 
আজৰি সময়ৰ পৰিকল্পনা। 

◾নিতুমনি দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)