অথচ

অথচ অথচ অথচ...
অথচৰ পাছতো অথচ !
অথচ জীৱন কাল বৰ্তি থকা এক অব্যয়!

সেইদিনা দেউতাই আমালৈ কাপোৰ কিনি আনিছিল,
অথচ দেউতাই নিজলৈ গেঞ্জী এটাও আনিব নোৱাৰিলে;
অথচ দেউতাই মন বেয়া নকৰে কোনোদিন আমাৰ চকুৰ সন্মুখত...!
 
সিহঁতকেইটাক মা-দেউতাই বৰ মৰম কৰে,
অথচ সিহঁতৰ মাক-দেউতাকে আমাক আপোন বুলি ভাবিব নোৱাৰে;


এটা দুমহলীয়া ঘৰ আছে,
অথচ মাক-দেউতাকক সুখত ৰাখিব নোৱাৰে;
দুই-তিনিখন গাড়ী আছে,
অথচ এঘণ্টা কাৰণে বিপদত গাড়ীখন দিব নোৱাৰে;


গিৰিয়েক অহালৈ ঘৈণীয়েক জনী ৰৈ থাকে অথচ ১১ বজাৰ আগতে কোনোদিন ঘৰ নোসোমাই;
তিনিজনীকৈ কন্যা সন্তান আছেই;
অথচ আকৌ ল'ৰা সন্তান লাগে।

চিগাৰেট বেয়া অথচ খাবলৈ নেৰে,
কিতাপত সকলোৱে পঢ়ে
দুখীয়াক সহায় কৰিবা
অথচ বেছিভাগেই পাহৰি যায়।
অথচ কেৱল এটা অব্যয় নহয়,
ই এক জীৱন পৰিক্ৰমা!!

◾পৰেশ দাস,ঢকুৱাখনা, ফোন-৭৬৩৮০০১৮২৮

Post a Comment

Previous Post Next Post