নিয়তিৰ বাণী ।
জীৱন নামৰ সাগৰ খনৰ
সিপাৰেই মৃত্যুৱে বাস কৰে।
নানা ৰঙে ভৰা এই জীৱন
সুখ-দুখ কৰোঁ আলিংগন ।
মায়াৰ জালে বান্ধি
ৰখা আমাৰ এই জীৱন
জীৱন পথত আছে সুখ - দুখ
যেন নিশাৰ পাছত আছে প্ৰভাতী
জীৱন নামৰ সংগ্ৰামত সকলো
পোৱাৰ পিছত জিৰণি লওঁ সিপাৰত ।
অন্ত কালৰ মৰীচিকাৰে
শান্তি লওঁ সিপাৰে
মৃত্যুৰ মৰুভূমিত
হাহাকাৰ কৰি
শান্তিৰ জলত জীৱনৰ সমাধি লওঁ ।
✍️মিন্টু গোৱলা
লখিমপুৰ কদম ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ