মোৰ প্রাণৰ উন্মাদনাই
যেতিয়াই সাৰ পাই উঠে
তেতিয়াই যেন পুনৰ
অতীতৰ কাহিনীবোৰে তোলপাৰ কৰে!
আধা লিখা কলমৰ পাতত ৰৈ যোৱা
অতীতৰ সেই কাহিনীবোৰে
সময়ৰ চাকনৈয়াত পৰি অকলশৰীয়া কৰিলে!
মৃত্যুৰ দিনৰ ক্ষণ গণি গণি
নিজকে কৰিলো সলনি!
তথাপিও অতীতে যেন
ভুমুকি মাৰে মোৰ ৰৌদ্র কামনাৰ বলুকাৰাশিত!!
বৰ্তমানক মানি ভৱিষ্যতৰ সপোন ৰচি
নিচেই উত্রাৱল হৈ পৰিছিলো কিজানি
সেয়ে চাগৈ পুনৰ উভতি আহে
হেৰুৱা অতীতে ঠিকনা বিচাৰি।
✍️ৰাশীমা চাংমাই
ডিব্রুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ