নিশ্চয় এয়া প্ৰেম - সীতা দেৱী

চিৰ শান্তিৰ সঁফুৰা
উৰন্ত প্ৰয়াস ,
আলোক দ্যুতি 
অপূৰ্ব মুক্তিৰ উল্লাস।
মিঠা হাবিয়াস
কল্পনাৰ ৰত্নাকৰ
জীৱন বাকৰিত,
সৃষ্টিৰ আদিপাঠ । 
সভ্যতাৰ স্বাক্ষৰ ,
হৃদয়ত অনুভূতিৰ ফিৰিঙতি
উন্মনা যৌৱন
শুদ্ধতা আৰু পবিত্ৰতাত
নিশ্চয় এয়া প্ৰেম।।

✍️সীতা দেৱী , বিহপুৰীয়া।

Post a Comment

Previous Post Next Post