এদিন যজ্ঞ হ'ব - গৌতম মালাকাৰ

©Admin
0
আই, অ' মোৰ চেনেহী আই...
তোৰ প্ৰতি থকা ভক্তিৰ নিমখেৰে 
সমৃদ্ধ মোৰ নিৰ্মল অশ্ৰুজল।
বিশ্বাসঘাতক কায়ৰ পুত্ৰৰ
চকুপানী নোলায় অ' আই,
সিহঁতে বানপানী ভাল পায়,
বানপানীয়ে সিহঁতৰ সম্পদ ঢাপে ঢাপে বঢ়ায়।
আই, অ' মোৰ দুখুনী আই....
সিহঁতে গঢ়াখহনীয়াও বৰ ভাল পায়!
ভেটি উটুৱাই নিয়া খহনীয়া...
সমন্বয়ৰ বৰ বান্ধৰ খহনীয়া...
আত্মাৰ খহনীয়াৰে 
সিহঁতে সফলতাৰ জখলা উজায়।
সাকোঁ বোৰ বানত উটি গ'লে
সিহঁতৰ মুখবোৰ উজ্বলি উঠে অ' আই!
ইখন ঠাইৰ লগত সিখন ঠাই বিচ্ছিন্ন হ'লে,
জাতি-ধৰ্মৰ ব্যৱধান বাঢ়ি গ'লে 
সিহঁত আত্মহাৰা হয়,
সিহঁতৰ সীমাহীন সপোনে লম্ফজম্ফ লগায়।
আই, অ' মোৰ মৰমী আই....
ত‌ই দুখ নকৰিবি, ত‌ই ভয় নকৰিবি,
নাঙলৰ পাহোৱাল মুঠিটোৱে আকৌ বিপ্লৱ আনিব,
স্বাভিমানৰ তুঁহ-জুই পুনৰ জ্বলিব সিৰাই সিৰাই,
গাঁৱে-ভূঞে গঢ়ি উঠিব মহা-মহা অগ্নিগড়!
আই, অ' মোৰ দৰদী আই...
এদিন হ'ব‌ই হ'ব
শতৰুৰ নিধন যজ্ঞ !!

✍️গৌতম মালাকাৰ
      কৰিমগঞ্জ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)