স্বাৰ্থপৰ

Rinku Rajowar
0
কিমাননো উৰিবি তই
স্বাৰ্থপৰৰ এই পাখি দুখনিত , 
আজি উৰিছ ,,
কাইলৈ উৰিবি ,,
উৰি যাবি ।
কিন্তু এদিন তই নিজেই নিজৰ ভৰত সৰি পৰিবি , 
তেতিয়া কি হ'ব তোৰ ?
তোক চাবলৈ আছেনে কোনোবা ৰৈ !
চাবি বেছি ওপৰলৈও উৰি নাযাবি
নহ'লে পৰোঁতে কষ্ট পাবি ।
সময়ৰ ঘড়ীটো আজি তোৰ হাতত
গপত মাৰি আছ থাক বাৰু , 
কিন্তু জাননে তই
এদিন এই সময় উকলি যাব ।
তেতিয়াও তই স্বাৰ্থপৰ হৈয়ে থাকিবিনে ?
যদি কথাবোৰ তই আজি বুজা নাই
এবাৰ শ্মশানলৈ গৈ আহ , 
কিমান অহংকাৰী স্বাৰ্থপৰ
নিজক লৈ ব্যস্ত মানুহ আজি 
নিৰৱে শুই আছে চাই আহ ।
ভাললৈ কৈছোঁ ইমান স্বাৰ্থপৰ নহ'বি
যাতে অন্তিম নৈকাত উঠি 
আনৰ সংগ সহানুভূতি ধাৰ ল'ব লগা হয় ।
                                              
🖋️  শ্ৰীমতী গায়ত্ৰী কোঁৱৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)