কবিৰ প্ৰেমিক

0
নিজৰ প্ৰেমিকাৰ বুকুত 
কাঁড়াঘাত কৰি হাঁহা 
সেইজন কবি , 
এজন পাগল কবি , 
নিৰস বিমূৰ্ত মুহুৰ্তত 
নিজেই নিজক চপায় 
 বলিশালত , 
আকৌ উভতি আহি 
গুছি যায়  সভ্যতাৰ শেষত 
বিচাৰি উলিয়াই প্ৰিয়
প্ৰেমিকাৰ চকুৰ  কাজল  ।

তেওঁৰ আকাশ সম  ঘৰ 
প্ৰতিটো কোঠাৰ সৈতে 
অবিৰত সম্পৰ্ক ,
সম্পৰ্কবোৰ তেওঁৰ  কাহিনী 
 তেওঁ কবি, 
প্ৰেমিক হ'বও পাৰে 
সংহসাৰীও !!
তেওঁ আকাশী  মুক্ত বিহগী 
আকাশ তেওঁৰ ঘৰ 
বান্ধিব কোনে ?
নাই কোনো বান্ধোন ।

সেইজন কবি  অকলশৰীয়া 
অকলেই হাঁহে ,
প্ৰেমৰ  জুইত পুৰে ....
বিষাক্ত লোভ ।
জীয়াই থকা মানে সৃষ্টি তেওঁৰ 
হেজাৰ  আনুষ্ঠানিক চিত,
সম্পৰ্কবোৰ কাঁচৰ দেৱাল 
সেই ভৰসাহীন কবিৰ মই  
আকাশৰ জোন 
সৃষ্টিৰ শব্দৰে সজায় অনন্য ৰূপ 
মই হয়তো সলনি হওঁ 
আকৌ ঠিক উভতি আহো 
কবিৰ প্ৰথম প্ৰেমিকা,
কিজানি প্ৰথম সৃষ্টিৰ  নাৰী  ।

✍️মাৰ্জিনা বেগম (বৰপেটা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)