অৱস আজি দেহ-মনৰ প্ৰাণ
নাই সতেজতা ,
ক্লান্তিত অলস-অচৰ।
জীৱন ধুমুহাৰ তাড়নাত
হেপাঁহবোৰ হ'ল ধূসৰ
সপোনবোৰ জ্বলি-পুৰি হ'ল ছাৰখাৰ
ৰ'ল মাথোঁ হতাশাৰ এঙাৰ।
ক্ষন্তেকীয়া সুখকণো
আহিব জানো ঘূৰি,
কম্পিত সাহসেৰে আগুৱাই যাবলৈ
মনটো গ'ল কলিতে মৰহি।
তথাপি,
দেখিছোঁ ৰিণি ৰিণি
কাঁইটিয়া বাটৰ সিপাৰে
এটি আছে সেঁন্দুৰীয়া আলি,
হাত বাউলী যেন মোক মাতে
পুনৰ সজীৱ হ'ল আশাবোৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ