হৃদয়ত ফুলিব এজোপা
ৰক্ত জবা.........।
তেজ ৰঙা জবাই ৰাঙলী কৰিবহি
মন মন্দিৰৰ থাপনা ।
ফুলি উঠিব দুপাহ খৰিকাজাই ,
এপাহি সুখৰ এপাহি দুখৰ ।
তথাপিও ভগা কাঁচেৰেই সাজিবা
হৃদয়ৰ আৱেগময় কোঠালিটো ।
বাৰে বাৰে গাবা বিজয়ৰ গান
মনে মনে কোনেও নজনাকে ....... ।
◾নয়না নাথ, লাউজান চাৰিআলি, দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ