সপোনৰ কাৰেং -দ্বীপ দীপাংকৰ লাহন

মন আকাশত তুমি আৰু মই 
এদিন ধূসৰ ধূলিকণা হ'ম

আজুৰি আনিম সূৰুজৰ হেঙুলী আভা 

মন ফুলনিত ফুলাম সূৰ্য্যমূখী ফুল
হালধীয়া সোণাৰুৰে সানি দিম তোমাক 
একাজলি ৰহণ

মৰুভূমিৰ মৰিচিকা খেদি
সাজিম আমি হেঁপাহৰ তাজমহল

য'ত থাকিব মাথো আমাৰ অনাদি সপোন 
তুমি মই আমি হৈ বোৱাই দিম প্ৰেমৰ নৈ।

তুমি চিঞৰি চিঞৰি নক'লেও মই বুজি পাঁও 
কি বিচাৰা তুমি সপোন পৰিধি প্ৰিন্সি প্ৰিয়া

এধানি সঁচা মৰম,এধানি সঁচা ভাল-পোৱা
বিচাৰিছা তুমি মন গ্ৰহণত সপোনৰ কাৰেং সাজিবলৈ

নালাগে মোক ক'বলৈ তুমি 
নক'লেও মই বুজি পাঁও তোমাৰ মনৰ ভাবনা

বোৱাব খুজিছা তুমি মৰুভূমিত মৰমৰ বান।
দুখন হিয়া এখন কৰি 

পিছে সেই বানেৰে মহাপ্ৰলয় সৃষ্টি কৰি মোক উটুৱাই নি তোমাৰ স্মৃতিৰ সাগৰত 
বঠা বিহীন কৰি মোৰ সপোনৰ সমাধি নাসাজিবা তুমি

মই সহিব নোৱাৰিম অতিতত ৰোমন্থন কৰা 
সেই মধুৰ স্মৃতি বোৰ যদি বিষাদেৰে 
উপচাই দিয়া।

◾দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ

Post a Comment

Previous Post Next Post