ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি

Rinku Rajowar
0
মংগাৰ নামৰ ঠাইখন পাৰ হোৱাৰ পাছত সন্ধিয়াৰ নীৰব নিস্তব্ধ ঘোপ মৰা অন্ধকাৰ জংঘলখনৰ মাজৰ লুংলুঙীয়া  ৰাষ্টাটোৰে গাড়ীখনত গৈ থাকোঁতে অভিনন্দনহঁতৰ মনত অলপ অচৰপ ভয় লাগিছিল ।  সেই নিমাওমাও পৰিবেশত দপদপীয়া বৰষুণত  পথৰ দাঁতিৰ বিশাল চাইপ্ৰাছ, ওক ' পাইন আৰু জুনিপাৰ গছবোৰ গাড়ীখনৰ লাইটৰ পোহৰত  একো একোটা দৈত্য যেন লাগিছিল।  তাৰ কেতিয়াবা আকৌ গছৰ ডালত কিহবা ওলমি থাকি তাহাঁতৰ গাড়ীখনৰ ফালে চাই পঠিওৱাৰ দৰে লাগিছিল । গাড়ীৰ খিড়িকী খুলি দিলেই বৰষুণৰ আচাৰকণিৰ সৈতে  এজাক হিম শীতল বতাহ কিৰিলি পাৰি সোসোৱাই ভিতৰলৈ সোমাই আহিছিল।
হঠাত দপদপীয়া বৰষুণ জাকৰ মাজতে পাহাৰীয়া ৰাষ্টাটোৰ  সোঁফালৰ  পৰা বাওঁফাল লৈ বগা বান্দৰৰ এটা বিশাল দল কিচিৰ মিচিৰ চিঞৰ মাৰি  আগেদি পাৰ হৈ গৈছিল। নিখুঁত বগা বান্দৰবো প্ৰায় দুইৰ পৰা তিনি ফুট মান ওখ আছিল  । গাড়ীখনৰ হেড লাইটৰ পোহৰত তাহাঁতৰ চকুবোৰ জুইৰ অঙঠাৰ দৰে ৰঙা হৈ জ্বলি উঠিছিল । বান্দৰবোৰ চাৱনিবোৰ বহুত হিংসুক আছিল । 
 খপজপাই উঠি জামপে নিডুপেও ওঁম মনি পদ্মে হুঁম। 
 ওঁম মনি পদ্মে হুঁম।।
বুলি জোৰ জোৰকৈ মন্ত্রোচাৰণ কৰিব ধৰিছিল আৰু অভিনন্দনহঁতকো সেই মন্ত্ৰ উচ্চাৰণ কৰিবলৈ পৰামৰ্শ দিছিল । গাড়ীখনৰ আগেদি পাৰ হৈ যোৱা বগা বান্দৰবোৰ দৰাচলতে কি  আছিল?  জামপে নিডুপে কিয় সন্ধিয়াৰ পাছত ভূটানী সকলে ডাঙ্গমে শ্বু  নদীৰ পাৰৰ সেই জংঘলৰ মাজেদি নাযায় বুলি কৈছিল ? ভুটানৰ ৰাজতন্ত্ৰই দেশখনৰ সাতখন ঠাইত কিয় নাগৰিকৰ প্ৰৱেশ নিষেধ কৰি থৈছে এই সকলোবোৰ ৰহস্যৰ লগতে অচাৰা-অভিনন্দনৰ প্ৰণয় মিলনৰ বিষয়ে জানিবলৈ অহা ডিচেম্বৰ মাহত পঢ়িবলৈ পাব মোৰ নৱতম উপন্যাস ' ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি' ।

ধন্যবাদ। 

◾চুমিন্দ্ৰ চৌধুৰী
সাহিত্য অভিযন্তা
নয়ডা, উত্তৰ প্ৰদেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)