পিঠা খোৱা ভূত - দেৱ দাস

©Admin
0
বন জুইৰ দৰে মূহুৰ্তৰ ভিতৰতেই কথাটো অঞ্চলটোত বিয়পি পৰিল। মোবাইল ফোনৰো ভূমিকা অৱশ্যে কম নাছিল। গগন কলিতাৰ ঘৰলৈ মানুহৰ সোঁত ববলৈ ধৰিলে। তাৰে দুই একে আকৌ খবৰ লোৱা ছলেৰে ফটো তুলিবলৈকে গৈছে। ফেচবুক ,হোৱাটচ্ এপত স্টেটাচ দিব লাগিব। 
     চুলি থিয় কৰি কিৰণ শৰ্মা কুকুৰ লৰত ফাই ফাই যোৱা দেখি সান্ধ্য ভ্ৰমণ কৰি থকা তৰুণ নাথ,যাদৱ নাথ আৰু গুণ দাসৰ কৌতূহল হ'ল। তৰুণে সুধিলে-“ ক'ৰবাত ষাঁঠৰ জলপান আছে হবলা! ফটা ফট যাওঁক , নহ'লে ভাগত কম পৰিব।” যাদৱে কাৰ এৰিলে- কঠালৰ গুটি বোৰ লৈ আহিব নে,থৈ আহিব?”
    “আমিও যাম নেকি বাইদেউ?” গুণ দাসেও গালি খোৱা মনেৰেই জোকাই চালে।
  “ৰহ অ’ খকুৱা কেইটা। কেৱল খোৱাৰ চিন্তা। মন্তিৰ গাত বিৰা লম্ভিছে। তালৈহে বেগা বেগিকৈ আহিছোঁ।”
   “আমাৰ মন্তি বাইদেউ নেকি?”
   “অ! যাই যদি বলক”।
 চাৰিওটা মন্তি কলিতাৰ ঘৰলৈ বাট পোনালে। ‌       
      ক'ত, কেতিয়া, কেনেকৈ বিৰাই পালে ;বিৰা নে ডলুৱা নে পিশাচ, এতিয়া ক'ত আছে, বেজ গিয়ানী কিবা লগাইছে নে নাই , আদি প্ৰশ্ন ওপৰা-ওপৰিকৈ সুধি মানুহ জনীক তত নোহোৱা কৰি গ'ল।
   “ সেইবোৰ মই একো নেজানো । মনমোহন দাৰ ফোনত খবৰটো পাই লৰা-লৰিকৈ আহিছোঁ। তাতে গম পাম বলক”। লাফিং ক্লাবৰ সদস্য হোৱা বাবে হাস্যবদনী কিৰণৰ লগত সকলোৱে ধেমালি কৰে। তেওঁ কাকো বেয়া নাপায়।
     আটাই কেইটা মন্তি কলিতাৰ ঘৰ পাই দেখে ৰবীন শৰ্মা, দিন মজুমদাৰ,দেৱেন শইকীয়া,কেশৰাম নাথ,মনমোহন শইকীয়াকে ধৰি তেজপুৰ লাফিং ক্লাবৰ কেইবাজনো সদস্যৰ লগতে ওচৰ চুবুৰীয়া পুৰুষ-মহিলা মিলাই বিছ জন মান মানুহ আছে। মন্তি কলিতা অলসভাৱে চোফা এখনত বহি আছিল। চকু কেইটা অলপ ডাঙৰকৈ মেলি তৰ তৰকৈ কিৰণ হতঁৰ দলটোলৈ চাই মূৰ দুপিয়ালে। দুজন মানে উঠি তেওঁ লোকক বহাৰ সুবিধা কৰি দিলে। বহিলৈ তৰুণ নাথে সুধিলে-“ কেনেকৈ কি হৈছিল বাইদেউ?”
  একে খিনি প্ৰশ্নৰ উত্তৰ দি দি ভাগৰি পৰা মন্তি কলিতাই নতুনকৈ কবলৈ ধৰিলে-“ দূপৰীয়া খাই বৈ উঠি তিল পিঠা বনাই আছিলোঁ। পিঠা বোৰ বাৰে বাৰে ভাঙি যাবলৈ ললে। ঘামি জামি উঠি গৈ ভৰি হাত কেইটা ধুই ,গায়ে মূৰে পানী চতিয়াই, পাক ঘৰৰ খিৰিকি খন খুলি দিলোঁ। ঈশ্বৰৰ নাম লৈ পিঠা বনাবলৈ যত্ন কৰিছিলো। আকৌ পিঠা বোৰ ভাঙি ভাঙি গৈছে। তেনেতে খিৰিকি ফালৰ পৰা কোনোবা এটাই কোৱা শুনিলো - ‘সেই ভগা পিঠাটো মোকে দে অ’ মূৰ তুলি চাই দেখোঁ... কৃষ্ণ।” ওপৰলৈ হাত তুলি সেৱা জনাই ,হুমুনিয়াহ এটা এৰি পুনৰ কবলৈ ধৰিলে-“যি কৈছোঁ তাকে শুনিব বাইদেউ ” কিৰণৰ ফালে চাই কবলৈ ধৰিলে- 
   “ গোট তামোল একোটাৰ সমান চকু, কঁকাললৈকে পৰা চুলি, এই গোট এই গোট আঙুলি(ডাঙৰ কটাৰী এখনৰ নালটোলৈ আঙুলিয়াই) , খণ্টি একোখনৰ সমান একোটা দাঁত, ডলা এখনৰ সমান মুখৰে কিছ কিছকৈ ক'লা কিবা এটা ৰৈ আছে । কৃষ্ণ!” । পুনৰ হুমুনিয়াহ এটা এৰি -“তাৰ পিছত কি হ'ল মই ক'ব নোৱাৰোঁ”। 
    চিঞৰ শুনি দিপালী আৰু গৃহস্থ গগন কলিতা দৌৰা দৌৰি কৈ আহি পাক ঘৰত অচেতন হৈ পৰি থকা অৱস্থাত হাফ পেণ্ট আৰু টি চাৰ্ট পিন্ধা মন্তিক উদ্ধাৰ কৰিছিল। মুখেৰে ফেন ওলাইছিল। চকুৱে মুখে পানী ছটিয়াই পাক ঘৰৰ পৰা চৰা ঘৰলৈ দাঙি আনিলে।
    আগৰ পৰাই ফুল ৰুৱা,আনৰ ঘৰত নতুন জাতৰ ফুল দেখিলে হাতৰ টিপতে তাৰ ডাল বা পুলি আনি ঘৰত লগোৱা, নামঘৰত গোপিনীৰ লগত নাম ধৰা,নাম দিয়া, ভাওনাত ভাও দিয়া, একক অভিনয় কৰা, বিধে বিধে পিঠা বনাই নিজে নেখাই হলেও আনক খোৱাই ভাল পোৱা আদি কামত মন্তি কলিতা আগৰণুৱা আছিল যদিও ৰাংঢালী স্বভাৱৰ সৰবৰহী মানুহ জনী কিন্তু তেনেই প্ৰচাৰ বিমুখ আছিল। আগৰ ফোনটো বেয়া হোৱাত যোৱা বছৰ বিবাহ বাৰ্ষিকীত অধ্যাপিকা জীয়ৰীয়ে এটা এণ্ড্ৰইদ মোবাইল ফোন উপহাৰ দিছিল। নাতিনী জনীয়ে ফটো তোলা, ভিডিঅ' কৰা, ৰেকৰ্ডিং কৰাৰ ওপৰিও ফেচবুক, হোৱাটচ্ এপ আদিও চলোৱাৰ পুৰা ট্ৰেইনিং দি পুৰঠ কৰিলে। ফুলৰ লগত বিভিন্ন পজত ফটো, বাৰীৰ শাক পাচলি, মন্দিৰত শৰাই দিয়া, নামঘৰত নাম লোৱা, বিধে বিধে পিঠা, স্ব-ৰচিত কবিতাৰ ওপৰিও কৰʼণা মহামাৰী, বস্তুৰ চৰা দাম ,শাহু-বোৱাৰী আৰু মাক-জীয়েকৰ চুপতা-চুপতি আদি নানান সামাজিক সমস্যাৰ বিষয়ে একক অভিনয় আপলʼড কৰি নেটিজেন সকলৰ মাজতো কম দিনৰ ভিতৰতে পৰিচিত হৈ পৰিল। সেইদিনা সন্ধিয়ালৈ ষাঁঠৰ শুধি বুলি এনেয়ে(?) লগৰ গোপিনী কেইগৰাকী মানক জলপান খাবলৈ মাতি দুবিধ মান পিঠা বনোৱাত ব্যস্ত আছিল। তাতেই লাগিল লেঠা।
******************
      মোৰ কথা :- দেউৰী গাৱঁৰ মানুহ এঘৰত ৰাতি সকাম এটাৰ নিমন্ত্ৰণ আছিল। গৈ দেখোঁ মানুহ বহুত । মাহ প্ৰসাদ খোৱা হৈছিল কিন্তু ভাত খাবৰ হোৱা নাছিল।এনেয়ে বাটৰ ফালে ওলাই গৈছিলোঁ‌। ছয়-সাত জন মান মানুহে এন্ধাৰত থিয়হৈ কিবা ৰসাল আলোচনা কৰি আছিল। ৰসৰ ভাগ লোৱাৰ মনেৰে আলেঙে আলেঙে অলপ আঁতৰত ৰৈ দিলোঁ। দুজন মানে পগলা পানী খাই গৰম হৈ থকা যেন লাগিল।কথাবোৰ ডাঙৰ ডাঙৰকৈ ওলাইছিল। হঠাতে এজনে কলে - “ জমনি এটা শুন বে। ষাঁঠৰ শুধিৰ দিনা দেউতাৰ শ্ৰাদ্ধ আছিল। ৰাতিপুৱাই ওচৰৰ মানুহ ঘৰৰ বাৰীৰ পৰা কলপাত অলপ কাটি আনিলোঁ। দূপৰীয়া চাধাৰ টেমীটো বিচাৰি নেপালোঁ । কটাৰী খন বিচাৰি মানুহ জনী হাহাঁকাৰ । মানুহ জনীয়েই কলে ‘ পাত কটা ঠাইত এৰিলে নেকি চাই নাহে কিয়?’ সেইদিনা ৰ'দ নহয় যেন জুইহে ওলাইছিল।বাটত জন প্ৰাণী এটা নাই। গেট খুলি কাকো নমতাকৈ চিধা বাৰীৰ পিনে খোজ ললোঁ। বৌয়ে পিছ ফালে থকা পাকঘৰটোৰ খিৰিকী মেলি হাফপেন এটা পিন্ধি বগা পিঠা বনাই আছে। অলপ ৰৈ চাওঁ যে পিঠা তুলিব পৰা নাই। ভাঙি ভাঙি গৈছে। মোৰ খেলালে নহয় কু-বুদ্ধি। ‘ ভগা পিঠাটো মোকে দে বৌ ’ বুলি ক'বলৈ হে পালোঁ- ভা-ই !‘ খালে ঔ’ বুলি যি টোহে চিঞৰ মাৰিলে,নহয়! মই পলাই ফুট। পিছত মন্তি বৌয়ে ভূতৰ যি চেহেৰা বতালে না .....।”
    মই ভাবিলোঁ সেইজনী মন্তি বাৰু আমাৰ ফেচবুকীয়া মন্তি বাইদেউ জনীয়েই আছিল নেকি,বাৰু?....।

✍️দেৱ দাস , তেজপুৰ ।
     ফোন নং ৯৪৩৫৩ ৮০৯২৬

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)