হঠাৎ একো নজনাকৈ ...
হেঁপাহবোৰ হেঙুল হৈ পৰে
এমুঠিমান সপোন গজি উঠে বুকুৰ পথাৰত
আৰু গজে আশাৰ কঠীয়া,
তাত ধূসৰ হয় দুখৰ খৰাং
উম! ভালপোৱা এনেকৈয়ে আহে,
কব নোৱাৰাকৈ
একো নজনাকৈ....
দো খাই পৰে কলিজাৰ এফাল
তাৰেই এচুক কোনোবাই দখল কৰে
সন্তৰ্পনে, অজানিতে..
আবেলিবোৰ ভাল লগা হয়,
সন্ধিয়াবোৰত কবিতা উৰি ফুৰে
ক্লান্ত হৈ সোনকালে শুৱা মানুহবোৰেও তেতিয়া
উজাগৰি নিশাত আশাৰ ক্ষণ গণে
বুজিও অবুজন হৈ থাকে কোনোবা
অভিমান,খং আৰু চকুলোৰ পাৰ ভাঙি
মৰমবোৰে পোখা মেলে, ফুল হৈ ফুলে,
তেনেকৈয়েই হেঁপাহবোৰ বাঢ়ে
ভালপোৱা এনেকৈয়ে আহে....।।
◾নিবিৰ শৰ্মা
মৰিগাঁও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ