খনিৰ বঠা মাৰি,
হৃদয়ত স্বপ্ন সাঁচি
স্বপ্নৰ মৰীচিকা খেদি
হেঙুলীয়া ৰʼদৰ কিৰণত
স্বপ্ন ধিয়াই হৃদয়ত
সাঁচি থোৱা স্বপ্নবোৰ !
স্বপ্নময় মধুৰ ক্ষণত পুৰাম
টুলুঙা নৌকাৰ স্বপ্নবোৰ!
জীৱন ধিয়াই হৃদয়ত সাঁচি
থোৱা স্বপ্নই আজি মোক
বহু কথাই শিকাই ।
স্বপ্ন দেখা ভাল,
কিন্তু বাস্তৱ কৰাত বৰ কঠিন
জীৱনত হাজাৰ স্বপ্ন থাকে ,
স্বপ্ন বোৰে কেতিয়াবা লৈ যায়
স্বপ্নৰ পৃথিৱীত ।
🔴মিন্টু গোৱলা
লখিমপুৰ, কদম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ