সুগন্ধ - অণুগল্প | মনস্বিনী শৰ্মা

Rinku Rajowar
0
:তোমালোকৰ গাঁৱৰ মানুহবোৰে বোকা খচকি কেনেকৈ যে খেতি কৰিব পাৰা নহয়!মোৰ বোকাৰ প্ৰতি এলাৰ্জি আছে। কোনো পধ্যে এড্‌জাষ্ট হ'ব নোৱাৰো।
:তুমি পথাৰৰ বোকা-মাটিত নামি চাবাচোন,খেতিয়কৰ কষ্টৰ ঘামৰ সৈতে বোকা-মাটিৰ দুৰ্লভ সুগন্ধ এটা পাবা।সৰলতাৰে ভৰা এমুঠি অনুভৱ লাভ কৰিবা।              
         -বিয়াৰ আগতে জ্যোতিকাই পৰাগৰ গাঁৱৰ মানুহবোৰৰ কথা এনেদৰে কৈছিল। পৰাগলৈ বিয়া হৈ আহি সময়ৰ পাক্‌চক্ৰত পৰি তাই আজি-কালি ৰোৱা-তুলা কাম নিখুঁতকৈ কৰিব পৰা হ'ল।পৰাগে কোৱাৰ দৰে জ্যোতিকাই এতিয়া ভৰ বাৰিষা শাওন মাহৰ পথাৰত প্ৰকৃত মাটিৰ সুগন্ধ বিচাৰি পায়।এসময়ত পাৰ্লাৰত বহি সৌন্দৰ্যচৰ্চাত মত্ত হৈ থকা জ্যোতিকাই এতিয়া মাটিৰ ৰং সানি ভালপায়।
              
                     ◾মনস্বিনী শৰ্মা,শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)