হে মোৰ শান্তিদায়িনী , শক্তিৰূপিনী বসুন্ধৰা
তুমিয়ে মোৰ শেষকণা আশ্ৰয়ৰ স্থল।
কোনো এক অন্ধকাৰ ৰাতি
বিদ্যুৎ ঝঞ্ঝাৰ মহাপ্ৰলয়ত মহাজাগতিক
বিস্ফোৰণত অগ্নিস্ফুলিঙ্গৰ পৰা
সৃষ্টি হ'ল তোমাৰ
অপৰূপা ৰূপ ছবিৰ
সেইদিনাৰেপৰা বহুপথক্ৰান্তা তোমাৰ
দেহৰ পৰা শিখা সৰিসৰি , ক্লান্ত শ্ৰান্ত
বসুমতী তুমি
আজিও ঘূৰিছা
নিজ কক্ষৰ পথে
অনন্ত যাত্ৰাত।
সহস্ৰ সহস্ৰ গ্ৰীষ্ম
শৰৎ বসন্ত আৰু
হেমন্তৰ হেঙুল হাইতাল, ৰঙেৰে বোলোৱা, ৰূপময় তোমাৰ দেহত
কেতিয়ানো হ'ল তাত
জীৱৰ উন্মেষ
সূৰ্যৰ সাতোৰঙে
তোমাৰ দেহত আনি দিলে বসন্ত বৈভৱ
ৰূপৰ কুঁৱৰী তুমি নীল নভ মাজে।
তোমাৰ বুকুতে আছে
হীৰা মণি মুকুতাৰ
অক্ষয় ভাণ্ডাৰ
কল্লোলিত সমুদ্ৰৰ
উদ্দাম ঝংকাৰ ধ্বনি
হিমগিৰি শিৰৰ কীৰিটি।
মৎস ৰূপে আৰম্ভিলা
জীৱৰ মুকুতিৰ
মহা সন্মিলন
দীৰ্ঘ পৰিক্ৰমাৰ অন্তত
জয়যাত্রা হ'ল মানৱৰ
বিধাতাৰ শ্ৰেষ্ঠ জীৱ,
পৃথিৱীৰ সৰ্ব অধিকাৰী।
অসুৰৰ আৱিৰ্ভাবে
ধৰাতল কৰে তলবল
দৈবী মানৱৰ সতে অসুৰ সংঘাত
অসুৰ বিনাশী তুমি
ধৰি ৰূপ কাল নিবাৰণী
সংহাৰ কৰিলা তুমি
যত আছে অমংগলাকাংক্ষী
ধৰিলা শান্তিৰ ছত্ৰছায়া
দৈবী মানৱৰ বেদৰ মন্ত্ৰেৰে
উদ্ভাষিত হ'ল ধৰাৰ বুকু
সভ্যতাৰ নৱ সূৰ্য আভা
জিলিকিল পৃথিৱীত জ্ঞানালোক মালা
চাৰিবেদ, চৈধ্য শাস্ত্ৰ
ওঠৰ পুৰাণ
ৰূপ ৰস গন্ধেৰে
মহাজ্ঞান প্ৰচাৰেৰে
ভাৰতেই কৰিলেহি দিক্ দৰ্শন। অন্ধকাৰ জগতত নতুন আলোকেৰে
সিন্ধু নদীৰ পাৰ
উজ্জ্বলি উঠিল
দেশে দেশে দিশে দিশে নতুনৰ অংকুৰণে, আনি দিলে
পৃথিবীত বিজ্ঞানৰ জ্যোতি
পিচে নিজ কৰ্মৰ ফলে
গৌৰৱময় প্ৰাচ্যৰ ভাৰত আজি
পশ্চিমলৈ ঢাপলি মেলিছে, সোণালী অতীতে আজি মেলানি মাগিছে,
পৃথিৱী হৈছে ৰণোন্মাদ
মানৱতা ধুলিত বিলীন
বসুন্ধৰাৰ বক্ষ নিৰীহৰ ৰক্তেৰে ৰঞ্জিত।
হত্যা, হিংসা জৰ্জৰিত
ধৰিত্ৰী পাপৰ ঘৰ
সুন্দৰ পৃথিৱী আজি কৰে চাৰখাৰ
অসহনি যাতনাত কঁপে থৰথৰ
সেয়ে প্ৰকৃতি ৰোষত আজি মানুহ অসাৰ
ৰসাতলে যায় আজি মানুহৰ দম্ভ অহংকাৰ
দেখি অত্যাচার অনাচাৰ
গৰ্জি আছে পৃথিৱীৰ
অন্তৰ বাহিৰ
সেয়ে আধুনিক সভ্যতাৰ
বিনাশেই হ'ব আজি
শেষ লক্ষ্য এই পৃথিবীৰ।
✍️ৰেণু শৰ্মা, ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ