তুমি আহিলে মোৰ ঘৰ দেখি
হাঁহি নামাৰিবা আকৌ
দুখীয়া মই সকলো কৈছোঁ তোমাক ,
বতাহ ,বৰষূণ,ধুমুহা আহিলে
বাহিৰৰ পৃথিৱী খনত চকু ফুৰাই থাকোঁ
কিজানিবা মোৰ সৰু উৰুখা পজাটো নিয়ে উৰুৱাই !
মোৰ সুখ ,মোৰ দুখ সকলো আছে সেই খেৰৰ সৰু পজাটোত
দেখিছোঁ সপোন তাৰ পৰাই
এদিন ধনী হোৱাৰ
মাথোঁ নাহাহিবা তুমি মোক
দুখীয়া বুলি !