উকমুকাই থাকে ল'ৰালি- ৰূপামনি দাস

©Admin
0
উকমুকাই থাকে ল'ৰালি
বৰবিহু পাতিছে বুকুত,
পাহৰিব নোৱাৰো 'অ' তোক ।
নবজাবি বাঁহী , পুৱাই ৰাতিবোৰ
ক'তবাৰ আহ-যাহ পদূলিত ।
তই মোৰ বুকুৰ আপোন
তেজ নিগৰি যেন বৈ আহিব বসন্তৰ গান ।
আহঁতৰ ছাঁবোৰ দীঘল হৈ আহে ,
খৰচেও বাই ভাগৰি পৰে ।
তোলৈ চাই চাই চকু বিষাই
তথাপি .....
তোলৈ ৰৈ ৰৈ ভাল লাগে ,
হেৰুৱাব নোখোজো 'অ' তোক ।
'অ' মোৰ বুকুৰ জান ,
অজান শতৰুলৈ নিদিবি কান ।


ৰূপামনি দাস 
হোজাই যোগীজান

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)