আজৰি

Rinku Rajowar
0
"আপোনাৰ ছোৱালী দুয়োজনীকে বিয়া দিয়া নাই জানো"?
"হয়।দুয়োজনীলৈ ভাল ঘৰৰ প্ৰস্তাৱ পাই মোৰ অৱসৰৰ পূৰ্বেই অগা-পিছাকৈ বিয়া দুখন পাতি দিলো।"-বৰুৱাৰ প্ৰশ্নত শইকীয়াই এনেদৰে উত্তৰটো দিলে।
"অহ্‌,ভালেই তেন্তে আপুনি আজৰি হ'ল।পাৰে যদি আমাৰ ছোৱালীজনীলৈও ল'ৰা এটা চাবচোন।তাইকো দি ল'ব পাৰিলে মই আজৰি হ'ব পাৰিম বুজিছে।"           
-টেম্পুখনত বহি কাষতে বৰুৱা আৰু শইকীয়াৰ কথোপকথন শুনি থকা যুতিকাক 'আজৰি' শব্দটোৱে অবুজভাৱে তাইৰ সত্তাক চুঁই গ'ল।
                                               
            ⚫মনস্বিনী শৰ্মা,শিৱসাগৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)