জীৱন

(মোৰ অনুভৱ)
 জীৱন  মানে কি??
এটা কাঁচৰ নলী
 এটোপাল পানী
 প্ৰতি ক্ষণৰ সুখ আৰু দুখৰ 
মিশ্ৰনেই হ'ল জীৱন ।

           কৰ্মই  জীৱন 
           সংগ্ৰামেই  জীৱন
 মনৰ আশা আকাংক্ষাৰ 
মিশ্ৰনেই  হ'ল  জীৱন ।

           ত্যাগ হ'ল জীৱন
           প্ৰতিশ্ৰুতিয়েই  জীৱন 
আপোন জনৰ স্নেহ আৰু  আৱেগৰ
 বান্ধোনে হ'ল  জীৱন ।

       আত্মবিস্বাসেই জীৱন 
      আত্ম সন্তোষ্টিয়েই  জীৱন
    প্ৰতি পলৰ সৰু  সৰু পোৱা আৰু নোপোৱাৰ 
মিশ্ৰনেই হ'ল প্ৰকৃত জীৱন ।  

  🔴দিপাঞ্জলী  বৰা ( যোৰহাট )

Post a Comment

Previous Post Next Post