অস্ত বেলিৰ সন্মুখত অন্ধকাৰ

এটি প্ৰেমৰ কবিতা
সপোনে দিঠকে হেপাঁহেৰে ৰচা,
হৃদয়ৰ নিভাঁজ সুৰত বন্ধা।

আৰু, 
আৰু কিছু মিঠা অনুভূতি বুজাব নোৱাৰা। 
শূন্যত এটি অট্টালিকাৰ সপোন ৰচা। 

এতিয়া জয়াল নিশা.. 
পথহীন বিশাল অৰণ্যৰ মাজে.. 
......... 

ইয়াৰ পৰিপূৰ্ণতা কি? 
হাঃহাঃহাঃ 
একোটা দীঘল হুমুনিয়াহ। 
তুমিহীনতাৰ স্বপ্ন সাকাৰ, 
অস্ত বেলিৰ সন্মুখত অন্ধকাৰ। 


        🔴পাপু শইকীয়া 
       চিনাতলী (গোলাঘাট)

1 Comments

Previous Post Next Post