আশাৰ কুঁহিপাত
সেউজীয়া আশা ।।
জাতি ,
ধৰ্ম ,
বৰ্ণ ,
লিঙ্গ
সকলো সমাহাৰ ।।
নিৰ্মল হাহি
স্পন্দিত কান্দোন
সকলোৱে বিচাৰে ।।
কলকলনিত
সময় আগুৱাই
কিমান আশা
পৰিপূৰ্ণ ঘৰ ।।
একেই চকু
কাণ/মুখ
হাহি
কান্দোন ।।
তথাপি
পৰিচিত--অপৰিচিত
পিনপিনাই ফুৰে
সিহঁতৰ কাঢ়িবলৈ হাহি ।।
সিহঁত সুৰক্ষিত থাকক
চিৰদিন চিৰকাল ।।
সিহঁত আমাৰ
আশাৰ কুঁহিপাত ।।
🔴 হেমেন হাজৰিকা
ৰাণী
কামৰূপ অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ