'মেগনাকাটা' এক আমূল পৰিবৰ্তন- অভিজিত তামুলী

©Admin
0
Indiginious System of Education বা থলুৱা শিক্ষা ব্যৱস্থা বুলি কলে ভাৰতবৰ্ষত ইংৰাজ অহালৈকে যি প্ৰচলিত শিক্ষা ব্যৱস্থা যেনে ঃ- গুৰুকুল, টোল, পাঠশালা আৰু তাৰ পাছত মুছলমান সকলৰ ৰাজত্বকালত মুকতাফ , মাদ্ৰাচা আদিৰ কথাকে বুজি পাওঁ ৷ অতীত ভাৰতৰ শিক্ষা ব্যৱস্থাৰ দুটামান পাঠ লুটিয়ালে দেখা পাম যে সেইসময়ত শিক্ষাৰ দায়িত্ব কোনেও বহন কৰা নাছিল । তাৰ পৰিৱৰ্ত্তে কিছু লোকে নিজ ইচ্ছা আৰু আগ্ৰহ অনুযায়ী ছাত্ৰক শিক্ষা দিছিল আৰু এনেদৰে শিক্ষাৰ সুঁতিদাল ধৰি ৰাখিছিল ৷ গুৰু গৃহত থাকি শিক্ষাৰ্থীয়ে শিক্ষা লৈছিল ৷ যিটো আমি গুৰুকুল শিক্ষা ব্যৱস্থা বুলি জানো ৷ তাৰ পাছত লাহে লাহে দেশত পুৰুষানুক্ৰমে শিক্ষাৰ ঘাই শিপাডালৰ পৰিৱৰ্তন হ’বলৈ ধৰিলে ।বৈদিক , বুদ্ধ আৰু মধ্যযুগৰ যুগ বিভাজনৰ শিক্ষাৰ আৰম্ভ হ’ল ।তাৰ পাছত মিছনেৰী সকল আৰু ব্ৰিটিছৰ বগা বনিক ভাৰতলৈ আহিল , সেইসময়ত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ এক আমুল পৰিৱৰ্তন সাধন হ’ল ৷


      যিসময়ত গুৰুকুল , পাঠশালা , টোল আদিৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ভাৰত আছিল ৷ তেনে বহু শিক্ষানুষ্ঠানৰ উন্নতি হ’ল ৷ নতুন নতুন সংযোগৰ সংযোজন ঘটোৱা হ’ল ৷ ভাৰতৰ ইষ্ট - ইণ্ডিয়া কোম্পানীয়ে ১৮ শতিকাৰ শেষৰ সময়ছোৱাত ভাৰতবৰ্ষত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি শাসনভাৰ নিজৰ হাতলৈ নিছিল ৷ লগে লগে তেওঁলোকে ভাৰতীয় জনগনক নিজৰ আৱশ্যকতা পূৰণ কৰিবলৈ ধৰ্ম নিৰপেক্ষতা নীতি গ্ৰহণ কৰিছিল। কিন্তু এক কথাত কবলৈ গ’লে ইংৰাজসকলে ভাৰতীয় সকলৰ মাতৃভাষাৰ সম্পূৰ্ণৰুপে অস্পৃশ্যতা দৃষ্টিৰে চাই ইংৰাজী ভাষাৰ বহুল প্ৰচাৰৰ বাবে চেষ্টা কৰিছিল । আনকি তেওঁলোকে দিয়া শিক্ষা ব্যৱস্থাটোত ইংৰাজী ভাষাকে অধিক গুৰুত্ব দিছিল ৷ 


   ১৮১৩ চন চালৰ্চ গ্ৰাণ্টৰ প্ৰচেষ্টাত চাৰ্টাৰৰাইল ( Charter Act of 1813) হ’য় ৷ আইনখন গৃহীত হৈ আইনৰ ৪৩ নং দফাঁত এনেদৰে উল্লেখ কৰা হ’ল ------- ''It's shall be low feel for the governor general in council to direct that act of any surplus which may remain of the rents , revenues and profits ariging from the said territorial acquisitions after defraying the expenses of military civil and commercial establishment and paying interest of Debt, in manner hercinafter provided , a some of not less then one lakh of rupees in is year shall be set apart and applyed to the revival and emprovement of the learned matives of India and for the introduction and promotion and knowledge of the science among the inhabitants of the British Territories in India. "
এই আইনখন ভাৰতৰ শিক্ষা ব্যৱস্থাত এক নতুন অধ্যায়ৰ পাতনি মেলিলে । ফলস্বৰূপে দেশীয় শিক্ষাই এটা নতুন আকাৰ পাবলৈ ধৰিলে ৷ কিন্তু সেইসময়তে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ওপৰত দুটা দলৰ বিবাদৰ সৃষ্টি হ’ল ৷ সেইয়া হ’ল Anglicist and classicist controvercy বা পাচ্য - পাচাত্যৰ বিবাদ ৷ যিটো বিবাদৰ ২২ টা বছৰ কাল শিক্ষা বিষয়ক বাক বিতৰ্ক চলিল। লৰ্ড মেকলেৰ সভাপতিত্বত গঠন হোৱা জেনেৰেল কমিটিখনৰ সভাত হোৱা আলোচনাত এই বিবাদৰ কথাবোৰ পৰ্যালোচনা কৰি “মাইনুট ” প্ৰস্তুত কৰে আৰু এই বিবাদৰ অন্ত পৰে ।

     ১৮১৩ - ১৮৫৩ চনলৈকে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ওপৰত বহু পৰীক্ষা- নিৰীক্ষা চলিল ৷ লৰ্ড মেকল আৰু উইলিয়াম বেষ্টিঙৰ শিক্ষা ব্যৱস্থা বাদ - প্ৰতিবাদৰ মাজেৰে পাৰ হৈছিল ৷ Downward Filteration theary বা নিম্নমূখী পৰিশ্ৰাৱণ নীতিৰে শিক্ষা প্ৰদান কৰা এনে বহু প্ৰস্তাৱনা কৰা হৈছিল ৷ কিন্তু সেইসময়তে ৪০ টা বছৰৰ পাছত ইষ্ট- ইণ্ডিয়া কোম্পানীৰ চনদৰ সালসলনি কৰে আৰু ভাৰতীয় শিক্ষা ব্যৱস্থাটো পুণৰ পৰ্যালোচনাৰ ভিতৰলৈ আহে । ডাঃ ডফ চাৰ্লচ ট্ৰেভেলীয়ান যিঃ উইলচণে ইংলেণ্ডৰ House of Commons ( হাউচ অফ কমনচ্‌ ) ত উল্লেখ কৰে যে -- ভাৰতত শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰে কোনো সংশয়ই থকা উচিত ন’হয় ৷ ভাৰতীয় শিক্ষিত লোক সকলে চৰকাৰৰ স্থায়িত্বতহে সহায় কৰিব ৷ তেওঁলোকৰ প্ৰস্তাৱনা আৰু মত অনুসৰি Bord of Control ৰ সভাপতি চাৰ চাৰ্লচ উডৰ পৰামৰ্শ অনুসৰি ভাৰতীয় শিক্ষাৰ আটাইতকৈ মূল্যবান দলিলখন প্ৰস্তুত কৰি উলিয়াইছিল ৷ তাৰ লগে লগে এই পত্ৰখনৰ নাম“ উডৰ ঘোষণা পত্ৰ ” বা Woods Depates বুলি কোৱা হ’য় ৷ এই প্ৰতিবেদনখনে ভাৰতীয় শিক্ষাৰ বিভিন্ন দিশ সমূহ সামৰি লোৱা একমাত্ৰ প্ৰতিবেদন ৷ যিখন প্ৰতিবেদনত প্ৰাচ্য- প্ৰাচাত্যৰ মাজৰ বুজা- পৰা মনোভাৱকো স্থায়িত্ব দিয়া হৈছিল ৷ ভাৰতৰ শিক্ষা ভৱিষ্যতে প্ৰভাৱ পেলাব পৰাকৈ প্ৰয়োজনীয় বিষয় সমূহ অন্তভুৰ্ক্ত কৰাত গুৰুত্ব দিয়া হৈছিল ৷ সেয়েহে ভাৰতৰ শিক্ষা সংস্কাৰ আৰু বিকাশৰ সাধাৰণ এনেবোৰ দিশৰ বাবে এই প্ৰতিবেদনক ভাৰতীয় শিক্ষাত “মেকনাকাটা ” বুলি আখ্যা দিয়া হয় ৷ আৰু এই মেকনাকাটাই শিক্ষাৰ সুঁতিডালতও এক আমুল পৰিবৰ্তন আনি দিবলৈ সক্ষম হ’ল ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)