ফলাফলৰ আত্ম বিশ্লেষণ আৰু স্ব'টৰ প্ৰাসঙ্গিকতা- চুমিন্দ্র চৌধুৰী

©Admin
0
সাম্প্ৰতিক ৰাজ্যখনৰ শিক্ষা আৰু কৰ্ম দুয়োখন ক্ষেত্ৰত হৈ যোৱা শেহান্ত আৰু বাছনি পৰীক্ষাসমূহৰ পৰিসমাপ্তিৰ পাছত শিক্ষাৰ্থী-প্ৰশিক্ষাৰ্থীসকলৰ লগতে কৰ্ম সংস্থাপন লাভৰ বাবে হাবাথুৰি খোৱা আবেদনকাৰী সকলে নানান ধৰণৰ মানসিক অৱস্থাৰ সন্মুখীন হ'বলগা হৈছে। দৰাচলতে সফলতা আৰু বিফলতা দুয়োটাই একেটা মুদ্ৰাৰেই ইপিঠি সিপিঠি বুলি কোৱা হয় যদিও প্ৰকৃততে ভূক্তভোগী এজনৰ বাবে বিফলতাৰ বিষাদ অগ্ৰাহ্য কৰিব পৰাটো সহজ কথা নহয় । কিন্তু ই অসম্ভৱো নহয়। বিফলতাক জীৱনৰ যাত্রা পথত সন্মুখীন হোৱা ৰ'দ, বতাহ আৰু বৰষুণৰ দৰে বাস্তৱিক পৰিঘটনা বুলি ভাবি নিজৰ প্ৰয়াস অবিৰত ৰাখি আগুৱাই যোৱা জনক সফলতা প্ৰাপ্তিৰ পৰা স্বয়ং ভগৱানেও বঞ্ছিত কৰিব নোৱাৰে। 
আনহাতে সফলতা লাভ কৰা জনেও একেই উদ্দীপনা আৰু প্ৰয়াসৰে প্ৰাপ্ত সাফল্যক পৰৱৰ্তী স্তৰলৈ উন্নীত কৰিবলৈ চেষ্টা কৰিব লাগিব । লগতে আনকো সেই সফলতা প্ৰাপ্তিৰ সমভাগী কৰিব পাৰিব লাগিব । তেতিয়াহে তেওঁৰ সফলতাৰ গৰিমা চিৰ যুগমীয়া হৈ ৰ'ব ।
গতিকে সফলতাৰ সোৱাদত মচগুল হৈ নপৰি এজন সফল ব্যক্তিয়ে নিজৰ সৈতে প্ৰতিযোগিতা কৰি আগুৱাই যাব পাৰিলে অভাৱনীয় সাফল্য প্ৰাপ্তি লাভ কৰিব পাৰিব। সফল বিফল দুয়োজন ব্যক্তিৰে নিজৰ আগ্ৰহ আৰু নিৰন্তন অধ্যৱসায়ৰ বাবে বিভিন্ন স্তৰৰ সফলতাই তেওঁলোকক তেওঁলোকৰ ছাঁৰ দৰে অনুসৰণ কৰে। কিন্তু নিজৰ ছাঁটোৰ অস্তিত্ব কেৱল পোহৰতে দেখা যায় । সেই বাবে সফল বিফল দুয়োজন ব্যক্তিয়ে জ্ঞান আৰু বুদ্ধিৰে আলোকিত ক্ষেত্ৰ এখনৰ মাজত থাকিহে অধ্যয়ন, বিশ্লেষণ আৰু প্ৰয়াসৰ জৰিয়তে নিজৰ নিজৰ লক্ষ্যত উপনীত হবলৈ সমৰ্থ হ'ব। এইখিনিতেই আপোনালোকক আজি মই মহাত্মা তথাগত আৰু এজন জাপানীজ জেন গুৰুৰ দুটা পৃথক পৃথক কাহিনী অৱগত কৰিব বিচাৰিম ।

এবাৰ এজন ছাত্ৰই নিজৰ লক্ষ্যত বিফলতাৰ লাভ কৰাৰ বাবে হতাশাগ্ৰস্ত হৈ ভগৱান বুদ্ধৰ ওচৰ চাপিছিল। সৰ্বজান্তা দয়ালু তথাগতে ছাত্ৰজনৰ মনৰ বিষাদ আৰু হতাশাৰ কথা সম্ভেদ পাইছিল । প্ৰভূ তথাগতে ছাত্ৰজনক সেই হতাশা আৰু বিষাদৰ পৰা মুক্ত কৰাৰ সিদ্ধান্ত লৈছিল। ছাত্ৰ জনক অনুসৰণ কৰিবলৈ কৈ মহাপ্ৰভূৱে এখন অৰণ্যৰ ফালে খোজ মেলিছিল।
       ভগৱান তথাগতৰ উপদেশ সাৰোগত কৰি ছাত্ৰ জনেও তেওঁৰ পাছে পাছে অনুসৰণ কৰি গৈ আছিল। 
কিছু দূৰ বাট অতিক্ৰম কৰাৰ পাছত ভগৱান বুদ্ধই ছাত্ৰজনক উদ্দেশ্যি কৈছিল-কল্পনা কৰা তুমি এই অটব্য অৰণ্যখনৰ মাজেদি গৈ থাকোতে হঠাত কৰবাৰ পৰা উৰি অহা এপাট শৰে তোমাৰ শৰীৰৰ শালি পেলালে। তেতিয়া তোমাৰ অৱস্থা পীড়াদায়ক ন'হবনে ?
মহাপ্ৰভূৰ প্ৰশ্নটো শুনি শেতা মুখৰ ছাত্ৰজনে নিম্নস্বৰত ভক্তি সহকাৰে কৈছিল- নিশ্চয় কষ্ট পাম প্ৰভু । 
এতিয়া কল্পনা কৰা প্ৰথম শৰ পাতৰ পীড়া উপশম হোৱাৰ আগতেই দ্বিতীয় এপাট শৰ তীব্ৰ বেগত আহি তোমাৰ শৰীৰৰ আন এঠাইত খোছ মাৰি দিলেহি । দ্বিতীয়পাট শৰৰ আঘাতত তোমাৰ কিমান পীড়া হ'ব? 

প্ৰভু তথাগতৰ দ্বিতীয়টো প্ৰশ্ন শুনি এইবাৰ ছাত্রজনে চকু দুটা ডাঙৰ কৈ মেলি কৈছিল- প্ৰভূ বহুত বেদনাদায়ক হ'ব। দ্বিতীয়পাট শৰৰ আঘাতত শৰীৰৰ পীড়া দুগুণ বৃদ্ধি পাব। হয়তো ইয়াক সহ্য কৰাটোৱেই অসম্ভৱ হৈ পৰিব। পীড়াত চটফটাই হয়তো মৃত্যুকো সাৱটি লবলগীয়া হ'ব ।
সত্য কথা বুলি কৈ প্ৰভু বুদ্ধই ক্ষন্তেকৰ বাবে নীৰব হৈ পুনৰ নিম্ন কিন্তু স্পষ্ট ভাৱে ছাত্ৰ জনক কৈছিল- যেতিয়া আমি দুৰ্ভাগ্যৰ সন্মুখীন হও তেতিয়া দুপাট শৰ আমাৰ ফালে উৰি আহে। প্ৰথম শৰ পাটে প্ৰিয় জনৰ মৃত্যু, প্ৰিয় জনৰ সৈতে বিচ্ছেদ, মূল্যবান সম্পত্তিৰ বিনাশ, আকস্মিক দুৰ্ঘটনাগ্ৰস্ত হোৱা অথৱা ৰোগাক্ৰান্ত হোৱা ইত্যাদি অশুভ ঘটনাক বুজাই। আমাৰ সকলোৰে বাবে এইপাত শৰৰ আঘাত অনিবাৰ্য । কিন্তু দ্বিতীয়পাত শৰ হৈছে বৈকল্পিক । 
এইপাত শৰ হৈছে প্ৰথম পাট শৰৰ আঘাতৰ ওপৰত আমাৰ প্ৰতিক্ৰিয়া । এই শৰপাতে প্ৰথম পাত শৰে সংঘটিত কৰা দূৰ্ভাগ্যজনক ঘটনাবোৰৰ নেতিবাচক দিশ তথা চিন্তাভাৱনাক প্ৰতিনিধিত্ব কৰে ।এইপাত শৰে আমাৰ বাবে অযথা আৰু অতিৰিক্ত দুখ- কষ্ট কঢ়িয়াই আনে। আমাৰ হৃদয়ত হতাশা, আত্ম-পৰিহাস আৰু অসন্তুষ্টি আদি নেতিবাচক অনুভৱ জগাই প্ৰথমপাত শৰে সংঘটিত কৰি থৈ যোৱা অবাঞ্চিত ঘটনাবোৰৰ ওপৰত প্ৰতিক্ৰিয়া কৰি আমাৰ দুখ-কষ্ট বহু গুনে বৃদ্ধি কৰে ।
প্ৰথম পাট শৰৰ আঘাতৰ পৰা আমি কোনেও নিস্তাৰ নাপাওঁ । কিন্তু দ্বিতীয়পাট পছন্দৰ সম্ভাৱনাৰ সৈতে আহে ।
 আমি প্ৰত্যেকেই জীৱনত সচাঁকৈয়ে নানান ধৰণৰ কষ্টজনক পৰিস্থিতিৰ সন্মুখীন হওঁ। পাছে আমাৰ মনৰ মাজৰ পৰা উৰি অহা দ্বিতীয়পাট শৰে দিয়া আঘাতৰ পীড়া অতি অসহ্যকৰ। আমি সন্মুখীন হোৱা পৰিস্থিতি বোৰক মনটোৱে নিন্দা কৰে, মানুহৰ ওপৰত অভিযোগ কৰে। আমাক অনুভৱ কৰায় যে আমাৰ সৈতে অন্যায় কৰা হৈছে তথা আমি ভাগ্যৰ বলি হৈছো ।
       প্ৰভূ অমিতাভৰ কথাখিনি শুনাৰ পাছত ছাত্ৰ জনৰ মনৰ পৰা বিষাদ আৰু হতাশা আতৰি গৈছিল। ছাত্ৰ জনে বুজি পাইছিল যে তেওঁ তেওঁৰ বাবে নিয়তিয়ে স্থিৰ কৰা পীড়াৰ মাজেৰেই পাৰ হৈ যাব লাগিব। লগতে ছাত্ৰজনে এইটোও বুজিছিল তেওঁৰ ওচৰত এতিয়া বিকল্প আছে । পীড়াৰ বেদনাৰ পৰা মুক্ত হৈ পীড়াৰ মাজেৰে পাৰ হৈ যোৱাৰ বিকল্প। 
নিজৰ বিফলতা অথৱা দুখ-কষ্টৰ বাবে আনক দোষাৰোপ নকৰি আৰু ভাগ্যক ধিয়াই হাত সাৱতি নাথাকি সেইবোৰৰ আত্ম বিশ্লেষণ কৰি আত্ম প্ৰয়াসেৰে সকলো ধৰণৰ প্ৰতাহ্বানৰ সন্মুখীন হ'ব লাগিব। 
   এইয়াই আছিল এজন বিফল ছাত্ৰৰ প্ৰতি প্ৰভূ তথাগতৰ অমৃত জ্ঞান। এতিয়া আপোনালোকক অৱগত কৰাব বিচাৰিম জৈন বৌদ্ধধৰ্মৰ এজন গুৰুৰ আনটো কাহিনী ।
বহু বছৰ আগত জাপানৰ ওচাকা চহৰৰ উপকন্ঠৰ এখন গাঁৱত এজন প্ৰসিদ্ধ দৌৰবিদ আছিল। তেওঁ ইখনৰ পাছত সিখন দৌৰ প্ৰতিযোগিতাত জয়ী হৈ এটাৰ পাছত আনটো পুৰস্কাৰ বুটলি অতি কম দিনৰে ভিতৰতেই বিখ্যাত হৈ পৰিছিল। যাৰ বাবে এ
প্ৰতিযোগিতাত বিজয়ী হোৱাটোৱেই আছিল একমাত্ৰ উদ্দেশ্য। 
প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰি বিজয়ীৰ খিতাপ লাভ কৰাটো প্ৰসিদ্ধ দৌৰবিদ জনৰ পাছলৈ নিচাত পৰিণত হৈছিল। 
ওচাকা চহৰত এবাৰ এখন প্ৰতিযোগিতামূলক দৌৰ খেলৰ আয়োজন কৰা হৈছিল। প্ৰসিদ্ধ দৌৰবিদ জনেও সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি সম্ভেদ পাই এজন মহান জেন গুৰু খেলপথাৰত উপস্থিত হৈছিল । প্ৰথম লানিৰ প্ৰতিযোগিতাত দৌৰবিদ জনে অনায়াসে নৱ প্ৰজন্মৰ প্ৰতিদ্বন্দী সকলক পৰাজিত কৰি বিজয়ীৰ খিতাপ লাভ কৰিছিল। খেলপথাৰত গোটখোৱা সমগ্ৰ দৰ্শকে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি মাৰি দৌৰবিদ জনক অভিনন্দন যাঁচিছিল। কিন্তু জৈন গুৰুজনে অকনো উৎসাহ প্ৰদৰ্শন নকৰি শান্তমনে বহি আছিল। দ্বিতীয় লানি প্ৰতিযোগিতাত দৌৰবিদজন বহু কেইজন শক্তিশালী প্ৰতিদ্বন্দীৰ প্ৰত্যাহ্বানৰ সন্মূখীন হৈছিল। খেল পথাৰত এক বিশেষ উত্তেজনাৰ সৃষ্টি হৈছিল। কিছু দৰ্শকে দৌৰবিদ জন আৰু কিছুই আন প্ৰতিদন্ডী সকলৰ সমৰ্থনত চিঞৰি বাখৰ কৰিছিল। কিন্তু আত্ম বিশ্বাসেৰে বলীয়ান প্ৰসিদ্ধ দৌৰবিদজনে সেইবাৰো হেলাৰঙে প্ৰতিদ্বন্দীসকলক পৰাজিত কৰি বিজয়ী হৈছিল। দৌৰবিদজনক অভিনন্দন জনাবলৈ সমগ্ৰ দৰ্শকে মৰা জাউৰিয়ে জাউৰিয়ে হাত চাপৰিত দৌৰবিদজন উৎফুল্লিত হৈ পৰিছিল। কিন্তু সেইবাৰো জৈন গুৰুজন ভাবাবেগ বিহীন হৈ বহি আছিল। প্ৰসিদ্ধ দৌৰবিদজনে সেই বাৰ গুৰুজনৰ কাষ চাপি সুধিছিল- প্ৰভু আপুনি বাৰু মোৰ সফলতাৰ বাবে সুখী হোৱা নাই নেকি ?

তেতিয়া জৈন গুৰুজনে এটা কোমল হাঁহি মাৰি বাচা তুমি এখন প্ৰকৃত খেলত বিজয়ী হ’লেহে মই সুখী হম বুলি কৈছিল।
জৈন গুৰুজনে দৌৰবিদ জনৰ সৈতে প্ৰতিদ্বন্দীতা কৰিবলৈ দৰ্শক সকলৰ মাজৰ পৰা এজনী দূৰ্বল মহিলা আৰু এজন খোৰা মানুহক বাচনি কৰি আনি আন এখন দৌৰ প্ৰতিযোগিতাৰ ঘোষণা কৰিছিল। 
দৌৰ খেলখনৰ আৰম্ভণিতেই দৌৰবিদজনে মহিলা আৰু খোৰা মানুহজনক ঠিয় হৈ থকা ঠাইতে এৰি থৈ তীব্ৰ বেগত চুড়ান্ত শাৰীত উপস্থিত হৈছিল । কিন্তু সেই বাৰ কোনো দৰ্শকে দৌৰবিদজনৰ বাবে হাত চাপৰি মৰা নাছিল। তেতিয়াই দৌৰবিদ জনে দৰ্শক সকলে তেওঁৰ সফলতাৰ বাবে কিয় হাত চাপৰি মৰা নাছিল বুলি জৈন গুৰুজনক প্ৰশ্ন কৰিছিল। 
জৈন গুৰুজনে তেতিয়া দৌৰবিদজনক দূৰ্বল মহিলা জনী আৰু খোৰা মানুহজনকো তেওঁৰ সফলতাৰ সমভাগী সজাবলৈ উপদেশ দিছিল। দৌৰবিদ জনে জৈন গুৰুৰ কথাখিনি ভালদৰে উপলব্ধি কৰি লৈছিল। 
পুনৰবাৰ দৌৰবিদজন, দূৰ্বল মহিলা জনী আৰু খোৰা মানুহ জনক জৈন গুৰুজনে প্ৰতিযোগিতাত ভাগ লবলৈ আদেশ দিছিল। গুৰুজনৰ আদেশ শিৰোধাৰ্য্য কৰি তিনিওজনে দৌৰিব ধৰিছিল। পাছে এইবাৰ দৌৰবিদ জনে দূৰ্বল মহিলা গৰাকী আৰু খোৰা মানুহজনকো সমানে আগবাঢ়ি যাবলৈ সহায় কৰিছিল। অৱশেষত তিনিওজনে একলগে খেলপথাৰখনৰ শেষৰ শাৰীত উপস্থিত হৈছিল । লগে লগে খেলপথাৰত উপস্থিত দৰ্শকৰ লগতে জৈন গুৰুজনে দুগুণ উৎসাহেৰে জাউৰিয়ে জাউৰিয়ে চাপৰি মাৰি অভিনন্দন জ্ঞাপন কৰিছিল। 
 তেতিয়া দৌৰবিদজন পুনৰ জৈন গুৰুজনৰ ওচৰলৈ গৈ সুধিছিল- মহাশয় সমগ্ৰ দৰ্শকে বাৰু কাৰ বাবে ইমান উৎসাহিত হৈ হাতচাপৰি মাৰিছিল ? মোৰ বাবে নে আন দুজন প্ৰতিদ্বন্দীৰ বাবে?
জৈন গুৰুজনে ছাত্ৰজনৰ মুৰত হাত থৈ কৈছিল- বাচা তুমি আজিলৈ জীৱনত খেলা আটাইবোৰ খেলবোৰৰ মাজৰ এই খেলখনতেই সকলোতকৈ অধিক বিজয়ী হৈছা। দৰ্শক সকলে বিশেষকৈ আজি কোনো বিজয়ীক অভিনন্দন জনাই হাত চাপৰি বজোৱা নাছিল। জীৱনত কেৱল নিজৰ সফলতা আৰু বিজয়েই একমাত্ৰ উদ্দেশ্য হ'ব নালাগে । একমাত্ৰ নিজৰ সফলতা আৰু বিজয়কলৈ গুৰুত্ব দিয়া মানুহ এজনৰ কৃতকাৰ্য্যতাৰ বাবে মানুহে এটা সময়লৈ গৌৰৱ কৰিব। তেওঁৰ সফলতা অথৱা কৃতকাৰ্য্যতাই যদি সমাজক একো উপকৃত নকৰে তেন্তে লাহে লাহে তেওঁৰ কৃতকাৰ্য্যতাৰ প্ৰতি মানুহৰ আগ্ৰহ নাইকিয়া হৈ পৰে। গতিকে এজন ব্যক্তিৰ সফলতা তথা কৃতকাৰ্য্যতা আত্মকেন্দ্ৰিক নহৈ সাৰ্বজনীন হলে তেওঁৰ সেই সফলতাৰ গৰিমা চিৰস্থায়ী হৈ ৰ'ব । কালৰ পাছত কাল মানুহে তেওঁক স্মৰণ কৰিব। এজন ব্যক্তিয়ে জীৱনত যিকোনো এটা বিষয়ত সফলতাৰ চূড়ান্ত শীষৰত উপনীত হোৱাটোৱেই ডাঙৰ কথা নহয় । ডাঙৰ কথাটো হ'ব সফল হোৱাৰ পাছত তেওঁৰ লগত প্ৰতিযোগিতাত নমা প্ৰতিদন্ডী সকলকো সফলতা প্ৰাপ্তিৰ বাবে যদি তেওঁ উৎসাহ তথা সহায়ৰ হাত আগবঢ়ায় । সমাজৰ লোকসকল যিজন ব্যক্তিৰ কৃতকাৰ্য্যতাৰ হিতাধিকাৰী হব পাৰে তেওঁকহে প্ৰকৃতাৰ্থত এজন সফল ব্যক্তি বুলি কব পৰা যায়। সেইবাবে জীৱনত যেতিয়াই কিবা বিষয়ত সফলতা লাভ কৰো তেতিয়াই আমি আত্ম বিশ্লেষণৰ দ্বাৰা প্ৰতিদ্বন্দীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰদৰ্শন কৰাৰ লগতে আমাৰ সফলতাৰ বাবে তেওঁলোকৰ প্ৰত্যক্ষ আৰু পৰোক্ষ অৰিহণাৰ মুল্যাংকন কৰা উচিত। 

ওপৰোক্ত কাহিনী দুটাৰ পৰা এটা কথা বোধগম্য হৈছে যে সফল আৰু বিফল দুয়োজন ব্যক্তিৰ বাবেই আত্ম বিশ্লেষণৰ বহুত বেচি প্ৰয়োজনীয়তা আছে। বিফলতাক এপাট অমোঘ বানৰ দৰে সফলতাৰ সন্ধান কৰিবলৈ আৰু সফলতাক সমাজৰ হিতৰ বাবে উপযোগ্য সজাবলৈ এই আত্ম বিশ্লেষণ অপৰিহাৰ্য্য।
১৯৬৫ চনত ইংলণ্ডৰ ষ্টেনফৰ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ লং ৰেঞ্জ প্লেনিং চাৰ্ভিচৰ তিনিজন সহকৰ্মী—ৰবাৰ্ট এফ ষ্টুৱেৰ্ট, অটিছ জে বেনেপে আৰু আৰ্নল্ড মিচেলে—ফৰ্মেল প্লেনিং: দ্য ষ্টাফ প্লেনাৰছ ৰোল এট ষ্টাৰ্ট-আপ শীৰ্ষক এখন কাৰিকৰী প্ৰতিবেদন তৈয়াৰ কৰিছিল । এই প্ৰতিবেদন খনত কোম্পানীৰ পৰিকল্পনাকাৰী বিষয়া এজনে কাৰ্যনিৰ্বাহৰ সময়ত বৰ্ত্তমান সন্মুখীন হোৱাৰ সন্তুষ্টি ( Satisfaction ) আৰু ক্ৰটি ( Fault )ৰ লগতে ভৱিষ্যতৰ কাৰ্য্যকলাপৰ সময়ত সংঘতিত হ'ব পৰা সুযোগ ( Opportunity) আৰু ভাবুকি ( Threat)ৰ বিষয়ে উল্লেখ কৰা হৈছিল। এই চাৰিটা উপাদানক সংযোজন কৰি সংক্ষিপ্ত ৰূপত তৈয়াৰ কৰা SOFT বিশ্লেষণ পদ্ধতিৰে কোম্পানীৰ সফলতা বিফলতাৰ পৰ্য্যালোচনা কৰিব পৰা যাব বুলিও উল্লেখ কৰিছিল। 
সেই বছৰতে ইংলেণ্ডৰ হাৰ্ভাৰ্ড গ্ৰেজুৱেট স্কুল অৱ বিজনেছ এডমিনিষ্ট্ৰেচনৰ চাৰিজন সহকৰ্মী—এডমাণ্ড পি লাৰ্ণেড, চি, ৰোনাল্ড খ্ৰীষ্টেচেন, কেনেথ আৰ এন্ড্ৰিউজ আৰু উইলিয়াম ডি গুথে ওপৰোক্ত চফ্ট বিশ্লেষণ পদ্ধতিৰ সামান্য সালসলনি কৰি পূৰ্বৰ চাৰিওটা উপাদানক আভ্যন্তৰীণ আৰু বাহ্যিক মূল্যায়নত বিভক্ত কৰি শ্ৱট বিশ্লেষণ পদ্ধতি বিকাশ কৰিছিল। লগতে পূৰ্বতে উল্লেখ কৰা সন্তুষ্টি নামৰ উপাদানটোক সামৰ্থ্য ( Strength) আৰু ত্রুটি নামৰ উপাদানটোক দূৰ্বলতা ( Weakness) লৈ পৰিবৰ্তন কৰি প্ৰযুক্তিগত ভাৱে অধিক যুক্তিসংগত আৰু ব্যৱহাৰ্য ৰূপত তৈয়াৰ কৰা হৈছিল। লাহে লাহে এই বিশ্লেষণ পদ্ধতিটোৰ জৰিয়তে প্ৰায়বোৰ প্ৰতিষ্ঠানে হাতত লোৱা নতুন নতুন প্ৰকল্পৰ পৰিকল্পনা কৰি উপকৃত হ'ব হ'বলৈ ধৰিছিল। পাছলৈ চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান সমূহৰ অনাগত প্ৰকল্পসমূহৰ পৰিকল্পনাৰ বিশ্লেষণৰ উপৰিও এই শ্ৱট বিশ্লেষণ পদ্ধতিৰে যিকোনো সফলতা আৰু বিফলতাৰো বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰা হৈছিল। আজি কৰ্পোৰেট লীডাৰশ্বিপ ডেভেলপমেন্ট প্ৰগ্ৰামৰ কৰ্মশালা সমূহতো শ্ৱট বিশ্লেষণ পদ্ধতিৰে ব্যক্তিগত সফলতা আৰু বিফলতাৰ বিশ্লেষণৰ অনুশীলন কৰোৱা হয়। এই শ্ৱট বিশ্লেষণৰ দ্বাৰা এজন ব্যক্তিয়ে প্ৰকৃততে কিদৰে নিজৰ সফলতা আৰু বিফলতাৰ বিশ্লেষণ কৰি ভবিষ্যতে আগুৱাই যাব পাৰিব তথা নতুন কোনো লক্ষ্যত উপনীত হোৱাৰ পৰিকল্পনা কৰিব পাৰিব তাকেই তলত বিস্তৃতভাবে বৰ্ণনা কৰা হ'ব। আশাকৰো আমাৰ নৱ প্ৰজন্মৰ বাবে এই শ্ৱট বিশ্লেষণে এক নতুন চিন্তাধাৰাৰ দিশ মুকলি কৰি তেওঁলোকক উপকৃত কৰিব পাৰিব।
এজন ব্যক্তিয়ে সন্মুখীন হোৱা সফলতা, বিফলতাৰ পাছত অথৱা নতুন কৈ নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰআগতে এই লেখাটোৰ লগত সংলগ্ন তালিকাখন প্ৰস্তুত কৰি লব লাগে।  
এটা পৰিকল্পিত কামক সফলতাৰে ৰূপায়ন কৰিবৰ বাবে আৰু ইতিমধ্যেই পৰিসমাপ্তি কৰা কাম এটাৰ ফলাফলৰ যথাযথ বিশ্লেষণৰ বাবে এই তালিকাখনৰ এক বিশিষ্ট ভুমিকা আছে। তালিকাখনৰ চাৰিটা ঘাই উপাদান সামৰ্থ্য, সুযোগ, দূৰ্বলতা আৰু ভাবুকিয়েই যিকোনো এটা কামক প্ৰধানকৈ প্ৰভাৱান্বিত কৰে। সেই বাবে কৰিবলগীয়া তথা ইতিমধ্যেই কৰি পেলোৱা এট কাম এটাৰ সাম্ভাব্য এই চাৰিটা উপাদানক বিচাৰি উলিয়াই নিজক ভবিষ্যতৰ বাবে প্ৰস্তুত কৰাৰ অতি প্ৰয়োজন ।

প্ৰথমেই আমি নিজে চালি জাৰি শ্ৱট বিশ্লেষণৰ তালিকাখনত ইতিমধ্যেই সম্পাদন কৰা কামটোৰ আমাৰ নিজৰ যিবোৰ ব্যক্তিগত সামৰ্থ্য আছিল সেইবোৰ একাদিক্রমে লিখি যাব লাগে । দৰাচলতে এইবোৰ সামৰ্থ্যৰ বাবেহে কামটো সম্পন্ন কৰা সম্ভৱপৰ হৈছিল ।

 দ্বিতীয়তে সামৰ্থ্যৰ বিপৰীতে আমাৰ নিজৰ ব্যক্তিগত দূৰ্বলতা সমূহ জুকিয়াই ফঁহিয়াই এফালৰ পৰা টুকি ল'ব লাগে। যিবোৰ দূৰ্বলতাই আমাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বাধাৰ প্ৰাচীৰ হিচাপে ঠিয় দিছিল । যাক প্ৰতিহত কৰাৰ বাবে যথাযথ সামৰ্থ্যৰ সহায় লোৱা হৈছিল। 
   তৃতীয়তে আমি কামটো সমাধা কৰা পাছত অথৱা কামটো কৰি থকা সময়ত বিভিন্ন দিশৰ পৰা আহিব পৰা সাম্ভাব্য সুযোগ সমূহ বিচাৰিম উলিয়াই টুকি থব লাগে । এই সাম্ভাব্য সুযোগ সমূহ সাধাৰণতে পৰিবেশৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰে । 
চতুৰ্থতে যিকোনো এটা কাম হাতত ল'লে কামটো কৰি থকা সময় কনত অথৱা পাছত কেতিয়াবা কিছুমান অনাকাংক্ষিত ভাবুকিৰো সন্মুখীন হোৱা যায়। এই অনাকাংক্ষিত ভাবুকি সমূহ ফঁহিয়াই উলিয়াই তালিকাভুক্ত কৰিব লাগে । সাধাৰণতে পৰিবেশ আৰু পৰিস্থিতি সাপেক্ষে এই ভাবুকি সমূহৰ সম্ভাৱনা আৰু প্ৰাবল্য বেলেগ বেলেগ হয়। এই অনাকাংক্ষিত ভাবুকিবোৰো লক্ষ্যত উপনীত হোৱাৰ প্ৰধান অন্তৰায় হৈ পৰে। 
 সকলোৰে বাবে ব্যৱহাৰিক উদাহৰণ এটা ডাঙি ধৰিবলৈ অলপতে হোৱা এখন কৰ্পোৰেট লীডাৰশ্বিপ ডেভেলপমেন্ট প্ৰগ্ৰামৰ কৰ্মশালাতমই এটা জোতা পলিচ প্ৰতিষ্ঠানৰ বাবে কৰা শ্ৱট বিশ্লেষণ আজি আপোনালোকক অৱগত কৰাব বিচাৰিম ।
যোৱা মে মাহত বাংগালোৰত অনুষ্ঠিত হৈ যোৱা নিৰ্মাণ আৰু খনন উদ্যোগৰ যন্ত্ৰপাতি নিৰ্মাণ উদ্যোগ সমূহৰ এখন বিশাল প্ৰদৰ্শনী আয়োজন কৰা হৈছিল। পাছে হঠাত জলবায়ুৰ পৰিৱৰ্তন বাবে ধাৰাষাৰ বৰষুণ হৈ এই প্ৰদৰ্শনীখন বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছিল । সকলোবোৰ প্ৰদৰ্শক আৰু দৰ্শকৰ জোতা সমূহ বোকা পানীৰ বাবে চাব নোৱাৰা অৱস্থা হৈছিল। পাছে ক'তো এজন মুছীহে দেখা পোৱা নগৈছিল৷ তেতিয়াই কিছুমান সহকৰ্মীয়ে লগত কঢ়িয়াইফুৰা জোতাৰ পলিচৰ চাহিদা একেবাৰে তুংগত উঠিছিল। এই ঘটনাৰ ওপৰতে ভিত্তি কৰি অহা বছৰ হ'বলগীয়া প্ৰদৰ্শনী খনত জোতা পলিচৰ বিক্ৰীৰ সম্ভাৱনাৰ উমান পোৱা গৈছিল। তাৰেই আলমতে শ্ৱট বিশ্লেষণৰ কৰি জোতাৰ পলিচ সাম্ভাব্য এখন বেহাৰ চাৰিটা উপাদান ফঁহিয়াই উলিওৱা হৈছিল। 
 সামৰ্থ্য : বেপাৰী জনৰ আৰ্থিক অৱস্থা, ট্ৰেড লাইচেন্স আৰু এখন বাহন চালিত দোকান ( Shop on Wheels) 
 দূৰ্বলতা: প্ৰদৰ্শনীৰ স্থান বাংগালোৰ চহৰৰ পৰা বহু দুৰ, বেপাৰী জনৰ চহৰৰ দোকান খনত কৰ্মচাৰীৰ সংখ্যাও অতি তাকৰ ।
 সুযোগ : দৰ্শক আৰু প্ৰদৰ্শক মিলাই দিনৌ প্ৰায় পাছ হেজাৰ জোতাৰ পলিচ বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, প্ৰদৰ্শনী খনত লাগতিয়াল পন্য দ্ৰব্যৰ খুচৰা বেপাৰীৰ প্ৰবেশত বাধা নাই। 

 ভাবুকি : প্ৰদৰ্শনীখনৰ আয়োজকে যদি বিনামূলীয়া জোতা পলিচ কৰা অটোমেটিক মেছিন ঠায়ে ঠায়ে স্থাপন কৰে, যদি জোতাৰ পলিচ বিক্রীৰ বাবে অধিক মাচুল ভৰিৰ লাগে ।
উপৰত উল্লেখ কৰা সামৰ্থ্য আৰু সুযোগৰ দ্বাৰা জোতাৰ পলিচৰ বেপাৰী জনে সাম্ভাব্য দূৰ্বলতা আৰু ভাবুকি সমূহ নস্যাৎ কৰি জোতাৰ পলিচৰ এখন ৰমৰমীয়া বেপাৰ কৰিব পাৰিব বুলি আশা কৰিব পৰা গৈছে।
আহঁকছোন আমি সকলোৱেই আমি ইতিমধ্যেই সন্মুখীন হোৱা সফলতা , বিফলতাৰ বিশ্লেষণৰ লগতে নতুনকৈ নিৰ্ধাৰণ কৰা লক্ষ্যত হ'বলৈ সঠিক পৰিকল্পনা কৰাৰ বাবে শ্ৱট বিশ্লেষণৰ সহায় লওঁ আৰু আনকো ইয়াৰ অনুশীলন কৰিবলৈ উদ্বুদ্ধ কৰো।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)